Local, Vocal, Global

ULFA-I claims Responsibility for Grenade Attacks : ডিজিপিক প্ৰত্যুত্তৰ আলফা(স্বাঃ)ৰ ; শিৱসাগৰ আৰু তিনিচুকীয়াত গ্ৰেণেড বিস্ফোৰণৰ কৰি প্ৰত্যুত্তৰ জি পি সিঙক

নিউজ ডেস্ক, ১০ ডিচেম্বৰ : শিৱসাগৰৰ জয়সাগৰত CRPF কেম্পৰ সন্মুখত গ্ৰেণেড বিস্ফোৰণৰ । শনিবাৰে নিশা সংঘটিত হয় এই ঘটনাৰ । ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলি সেনা চাউনী সংঘটিত হয় গ্ৰেণেড বিস্ফোৰণৰ ঘটনা(ULFA-I claims Responsibility for Grenade Attacks) ।

শনিবাৰে নিশা শিৱসাগৰৰ জয়সাগৰত CRPF কেম্পৰ সন্মুখত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ফলত আতংকৰ সৃষ্টি হয় । শনিবাৰে শিৱসাগৰৰ জয়সাগৰত CRPF কেম্পৰ সন্মুখত হোৱা গ্ৰেণেড বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে আলফা স্বাধীনে। লগতে পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলি সেনা চাউনী সংঘটি হোৱাৰ কথাও স্বীকাৰ কৰে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে ।

এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি আলফা স্বাধীনৰ কেপ্টেইন ৰুমেল অসমে কয় বিবৃতিটো জৰিয়তে সংগঠনটোৱে বিগত ২২ নৱেম্বৰত কাকপথাৰৰ ডিৰাকত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ দায়িত্বও স্বীকাৰ কৰে। শিৱসাগৰৰ জয়সাগৰস্থিত CRPFৰ ১৪৯ নং বেটালিয়নৰ দ্বিতীয়টো শিবিৰত বিস্ফোৰণ কথা স্বীকাৰ কৰে(ULFA-I Warns Of Further Attacks, Criticizes DGP’s “Arrogance”) ।

উল্লেখ্য যে বিবৃতিযোগে আৰক্ষী সঞ্চলক প্ৰধান জি পি সিঙক লক্ষ্য কৰি লয় সংগঠনটোৱে ।

সংগঠনটোৱে জি পি সিঙৰ বিৰুদ্ধে অসম আৰক্ষীক পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে। আলফা স্বাধীনে কয় যে দুয়োটা অভিযানৰ উদ্দেশ্য জি পি সিঙে আগবঢ়োৱা বক্তব্যৰ প্ৰতিক্ৰিয়া মাথোঁ ।
আলফা স্বাধীনে জি পি সিঙে নিজৰ কাম কাজেৰে দাম্ভিকতা কৰা বুলি অভিযোগ কৰা হৈছে(ULFA-I claims responsibility for grenade attacks, threatens DGP GP Singh of further attacks)।

বিবৃতিটোত আলফা স্বাধীনে কয় যে, ‘‘অসম আৰক্ষীৰ সৈতে আমাৰ কোনো বৈৰী ভাৱ নাই। যিহেতু তেখেত সকলো অসমী জননীৰ সতি-সন্ততি, সেই সুবাদতেই তেখেতসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু স্নেহ আছে। প্রাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই জি পি সিঙৰ দৰে অহংকাৰ প্রকাশ কৰি বিভাগটোৰ ব্যক্তিগতকৰণ কৰা নাছিল।

কিন্তু জি পি সিঙে অসম আৰক্ষীক তেওঁৰ পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি যি দাম্ভিকতাৰ পৰিচয় দিছে সিয়ে অসম আৰক্ষীত কৰ্মৰত বিষয়া/সদস্য সকলৰ আত্মাভিমানত আঘাত দিছে লগতে তেওঁৰ এই দাম্ভিকতা অসমৰ থলগিৰিৰ বাবেও গ্রহণযোগ্য হ’ব নোৱাৰে।

সেয়েহে উক্ত দুয়োটা অভিযানৰ উদ্দেশ্য জি পি সিঙে আগবঢ়োৱা দাম্ভিকতা বক্তব্যৰ প্ৰতিক্ৰিয়া মাথো।’’

লগতে পঢ়ক : Karni Sena chief Sukhdev Singh Gogamedi Murder : গ্ৰেপ্তাৰ সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্ত