Local, Vocal, Global

Plane crash in Ukraine: মাজ আকাশত বিমানৰ দুৰ্ঘটনা ;নিহত ৩জনকৈ পাইলট

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭আগষ্ট : ইউক্ৰেইনত শোকাৱহ বিমান দুৰ্ঘটনাত ।মাজ আকাশত প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । ৰাজধানী চহৰ কিয়ভৰ পৰা প্ৰায় 140 কিলোমিটাৰ পশ্চিমে অৱস্থিত জিট’মাইৰ চহৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো(Plane crash in Ukraine)। এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিলে যে এই দুৰ্ঘটনাটোৰ ফলত ৩জন পাইলট নিহত হয়(Well known Ukrainian pilot Juice among 3 dead in plane crash) ।

এই শোকাৱহ ঘটনা সন্দৰ্ভত দেশখনৰ বায়ুসেনাই জনাই যে , এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত নিহত হৈছে এগৰাকী পাইলট ৷ “জুচ” নামেৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক অসংখ্য সাক্ষাৎকাৰ দিয়াৰ পিছত জনসমাজত যথেষ্ট সমাদৃত হৈ পৰিছিল এইগৰাকী পাইলট ।

এই দুৰ্ঘটনাটো গভীৰ শোক প্ৰকাশ কৰিছে বায়ুসেনাই আৰু বায়ুসেনাই টেলিগ্ৰাম এপত লিখিছে, ‘‘এয়া আমাৰ সকলোৰে বাবে এক যন্ত্ৰণাদায়ক আৰু অপূৰণীয় ক্ষতি ।’’

শনিবাৰে দেশখনৰ বায়ুসেনাৰ এক বিবৃতিযোগে কয় যে, ইউক্ৰেইনত শোকাৱহ বিমান দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় । মধ্য ইউক্ৰেইনত দুখন L-39 প্ৰশিক্ষক বিমানৰ মাজত মাজ আকাশত সংঘৰ্ষ হয় যাৰ ফলত তিনিজন পাইলট নিহত হয় । তিনিজন পাইলটৰ মৃত্যুৱে ইউক্ৰেইনৰ বাবে এক মোক্ষম আঘাত হিচাবে বিবেচিত হৈছে, যিয়ে পশ্চিমীয়া দেশে দান কৰা F-16 যুঁজাৰু বিমানত নিজৰ বায়ু সেনাক ক্ষিপ্ৰতাৰে প্ৰশিক্ষণ দিয়াৰ বাবে এক বৃহৎ প্ৰচেষ্টা হাতত ল’বলৈ ওলাইছিল(Ukrainian pilot Juice among 3 killed as combat jets collide mid air) ।

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে ইউক্ৰেইনৰ ৰাজধানী কিয়ভৰ পশ্চিমে অৱস্থিত জিট’মিৰ অঞ্চলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । টেলিগ্ৰাম এপত বায়ুসেনাই শোক প্ৰকাশ কৰিছে আৰু লিখিছে, “আমি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । এয়া আমাৰ সকলোৰে বাবে এক যন্ত্ৰণাদায়ক আৰু অপূৰণীয় ক্ষতি ।”বায়ুসেনাই জনোৱা মতে, ঘটনাটোত প্ৰাণ হেৰুওৱা এজন পাইলটে নিজকে “জুচ” নামেৰে পৰিচয় দি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক অসংখ্য সাক্ষাৎকাৰ দিয়াৰ পিছত সুপৰিচিত হৈ পৰিছিল(Three Ukrainian Pilots Killed in Plane Crash) ।

যোৱা বছৰ চিএনএনৰ এণ্ডাৰছন কুপাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জুচে কয় যে তেওঁ আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁৰনামটো পাইছিল। তেওঁ কয় যে তেওঁৰ বন্ধুসকলে এই নামটো লৈছিল, কাৰণ তেওঁ মদ নাখায় ।
জুন মাহত পুনৰ চিএনএনৰ সৈতে কথা পাতি জুচে বুজাই দিলে যে তেওঁ কিয় বিশ্বাস কৰে যে ইউক্ৰেইনক আমেৰিকাৰ যুঁজাৰু বিমান প্ৰদান কৰাটো পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ বাবে গুৰুত্বপূৰ্ণ।’

শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত বায়ুসেনাই কয় যে বিমানখনৰ কাৰিকৰী অৱস্থা আৰু বিমান প্ৰস্তুতিৰ নিয়ম মানি চলিছিল নে নাই সেই বিষয়ে বিশেষ গুৰুত্ব দিয়া হ’ব। এই শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত বায়ু সেনাই আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক :Madurai Train Fire : যাত্ৰীবাহী ৰে’লত ভয়ংক অগ্নিকাণ্ড; ৯ জন নিহত, ২০ জনতকৈ অধিক আহত