WATCH | Udalguri News: ওদালগুৰিৰ ৰৌতাত UPPL দলৰ সমূহীয়া ইফতাৰ আৰু দুৱাৰ অনুষ্ঠানৰ আয়োজন
ওদালগুৰি,১০মাৰ্চ : ওদালগুৰিৰ ৰৌতাত UPPL দলৰ সমূহীয়া ইফতাৰ আৰু দুৱাৰ অনুষ্ঠানৰ আয়োজন।
ওদালগুৰিৰ ৰৌতাত UPPL দলৰ সমূহীয়া ইফতাৰ আৰু দুৱাৰ অনুষ্ঠানৰ আয়োজন। UPPL দলৰ ধনশ্ৰী ব্লক সমিতিৰ উদ্যোগত আৰু ফুহুৰাবাৰী প্ৰাইমাৰী সমিতিৰ সহযোগত পশ্চিম সিধাখোৱা জামে মছজিদ প্ৰাংগনত প্ৰায় ২০০ লোকৰ সমাগমৰে আয়োজন কৰে সমূহীয়া ইফতাৰ(Udalguri News)।
জাতি,ধৰ্ম, বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে এই ইফতাৰ অনুষ্ঠানত। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৩৭ নং ধনশ্ৰী সমষ্টিৰ TCLCC ৰ চিয়াৰমেন ৰুজোগৌৰা মুচাহাৰী, ধনশ্ৰী ব্লক সমিতিৰ সভাপতি ৰটেন্দ্ৰ দৈমাৰী, চাবান আলি, আশ্বাদ আলি,বিল্লাৰ আলীৰ লগতে স্থানীয় ৰাইজ আৰু দলৰ বহু কৰ্মী।
ইফতাৰৰ লগত সংগতি ৰাখি বিশ্ব শান্তি ও ভাতৃত্ববোধৰ বাবে কৰে দোৱা। ইছলাম ধৰ্মৰ পৱিত্ৰ ৰমজান মাহত দিনটো অনাশাৰে থাকি, ৰোজা ৰাখি ইফতাৰৰ যোগান ধৰোৱা UPPL দলৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে ৰাইজে ধন্যবাদ জনায়।