Udalguri News: ৫১৫ তম কেন্দ্রীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ প্রস্তুতি

ওদালগুৰি,১০ফেব্ৰুৱাৰী : পূর্ণ গতিত চলিছে ৫১৫ তম কেন্দ্রীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ প্রস্তুতি। অহা ১২ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ৰৌতাৰ ৰৌতা বাগান অষ্টমী মেলা খোলা প্রাংগণত কেন্দ্রীয়ভাবে সদৌ কোচ ৰাজবংশী ছাত্র সন্থাই পালন কৰিব কেন্দ্রীয় চিলাৰায় দিৱস । অনুষ্ঠানত প্রায় ২০ হাজাৰ ৰাইজক আদৰিবলৈ প্রস্তুতি চলাইছে আক্ৰাছুই (Udalguri News)।
অনুষ্ঠানত উপস্থিত থাকিব সদৌ কোচ ৰাজবংশী ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি অতুল বর্মন, দৰং- ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক চৰণ বড়োকে আদি কৰি বহু বিশিষ্ট ব্যক্তি।
লগতে পঢ়ক:Biswanath News: সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কার্যসূচী