Local, Vocal, Global

WATCH | Udalguri News : ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিত UPPL দলৰ বুথ সন্মিলনক লৈ পূর্ণ প্রস্তুতি

ওদালগুৰি,১২জুন : ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিত UPPL দলৰ বুথ সন্মিলনক লৈ পূর্ণ প্রস্তুতি। অহা ১৪ জুনত সমষ্টিটোৰ বেলতলীস্থিত ফুহুৰাবাৰী VCDC ৰ ড০ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত হ’ব UPPL ৰ বুথ সন্মিলন । প্ৰায় ৮৬ টা বুথৰ সহস্রাধিক UPPL কর্মী উপস্থিত থাকিব অনুষ্ঠানত । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব BTR প্রধান প্রমোদ বড়ো, ডেপুটি চীফ গোবিন্দ বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীকে আদি কৰি বহু নেতা(Udalguri News)।

আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত সমষ্টিটোৰ সকলো ৰাইজকে আহ্বান জনায় UPPL নেতৃবৃন্দই।

উল্লেখ্য যে, পুনৰবাৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলে । নিৰ্বাচনৰ প্ৰাকক্ষণত ধনশ্ৰী পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’বলগীয়া বুথ সম্মিলনীৰ জড়িয়তে তৃণমূল পর্যায়ত দলটোক অধিক শক্তিশালী কৰাৰ চেষ্টা কৰিব UPPLদলে ।

লগতে পঢ়ক : WATCH | Dalgaon News : দলগাঁৱত জটিল বেমাৰৰ নামত দালালি কৰা এজন যুৱকক আটক