Local, Vocal, Global

WATCH | Udalguri News : BJP মিএজোঁট চৰকাৰৰ দিনতো পৰিৱৰ্তনৰ আশাত ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ ভোটাৰ

ওদালগুৰি,২১মে’ : BJP মিএজোঁট চৰকাৰৰ দিনতো পৰিৱৰ্তনৰ আশাত ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ ভোটাৰ। BJPৰ মোহ এৰি এইবাৰ UPPL দলক পোনপটীয়াকৈ সমষ্টিটোত শক্তিশালীভাৱে নির্বাচন খেলিবলৈ আহ্বান সাধাৰণ ভোটাৰৰ । শান্তিৰ BTR ত পুনৰবাৰ প্ৰমোদ বড়োৰ চৰকাৰৰ পোষকতা কৰিলে চাহ জনগোষ্ঠী অধ্যুষিত আদিবাসী ভোটাৰে(Udalguri News)।

পঞ্চায়ত নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগেই সকলো ৰাজনৈতিক দলৰ চকু আগন্তুক ছেপ্টেম্বৰত হ’বলগীয়া BTR নির্বাচনক লৈ। কি UPPL,কি BJP কি BPF? সকলোৰে চকু বড়োভূমিত।

সমান্তৰালকৈ ৩৯ নং পাচনৈ পৰিষদীয় সমষ্টিটো বলিছে নির্বাচনী গৰম বতাহ । BJP ৰ হাতত থকা পৰিষদীয় সমষ্টিটোত সাধাৰণ ৰাইজে বিচাৰিছে নেকি এইবাৰ বিকল্প প্রার্থী ? প্রমোদ বড়োৰ শাসনত বড়োভূমিত শান্তি পুনৰ ঘুৰি অহা বুলি মন্তব্য সমষ্টিটোৰ ভোটাৰৰ।

পূর্বৰ BPF চৰকাৰৰ দিনৰ সেই কলা দিন আতৰাই প্রমোদ বড়োই BTRত শান্তি ঘুৰাই আনিলেও বুলিলে কয় ভোটাৰে । আৰু আনফালে সমষ্টিটোৰ চাহ অধ্যুষিত আদিবাসী এলেকাতো একপ্ৰকাৰ হয়তো বর্তমানেও অক্ষুণ্ণ আছে প্ৰমোদ বড়োৰ ৰাজনৈতিক প্রভাৱ। ৰাইজৰ মতে, বর্তমান BJP ৰ দখলত থকা পাচনৈ চেৰফাঙত প্ৰমোদ বড়োৰ দলে দিব লাগে নিজা প্রার্থী।

লগতে পঢ়ক : WATCH | Hajo News : ভূত বাংলাত পৰিণত কৃষি বিভাগৰ এটা কাৰ্য্যালয়