WATCH | Udalguri News : মকিবুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই প্রতিক্রিয়া UPPL ৰ

ওদালগুৰি,১৮মে’ : BTR ৰ ১১ খন আৰক্ষী থানাত মুফটি মকিবুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই প্রতিক্রিয়া UPPL ৰ । সামাজিক মাধ্যমত BTR চীফ প্ৰমোদ বড়োৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পাছতেই মকিবুৰ ৰহমানৰ বিৰুদ্ধে সংবাদমেল UPPL ৰ কেন্দ্ৰীয় সমিতিৰ নেতা ছায়েব খানৰ ।
সংখ্যালঘু অধ্যুষিত ওদালগুৰি , বাক্সা জিলাত প্ৰমোদ বড়োই সোমালেই বিপদ আছে বুলি সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰিছিল মুফটি গকাৰীয়ে । এই বিষয় সন্দৰ্ভত ওদালগুৰিত সংবাদমেল সম্বোধন UPPL ৰ কেন্দ্রীয় সমিতিৰ নেতা ছায়েব খানৰ(Udalguri News)।
বিটিচিৰ বাহিৰৰ পাবত গজা নেতা মুফটি মকিবুৰ ৰহমানক BTC বিষয়ত কোনো মন্তব্য নকৰিবলৈ সকিয়াই দিয়ে কেন্দ্ৰীয় সমিতিৰ নেতা ছায়েব খানে । নির্বাচনৰ প্ৰাকক্ষণত বিৰোধী দল BPF ৰ হৈ ৰাজনীতি নকৰিবলৈ আহ্বান মুফটি মকিবুৰ ৰহমানক । নিৰ্বাচনৰ প্ৰাকক্ষণত সাপ্রদায়িক মন্তব্য কৰি ২০০৮ চনৰ লেখীয়া গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব খোজাৰ অভিযোগ মুফটি মকিবুৰৰ বিৰুদ্ধে ।
লগতে পঢ়ক : WATCH | Drugs seized : বিলাসীপাৰাত জব্দ বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী