WATCH | Udalguri News : বড়োবজাৰ ABSU কার্যালয় খেলপথাৰ প্ৰাংগনত দুদিনীয়াকৈ অনুষ্ঠিত হয় ৰংজালী বৈশাগু উৎসৱ
ওদালগুৰি,২২এপ্ৰিল : খাম, জঠা, চিফুং, চেৰজাৰ শব্দত মুখৰ ওদালগুৰি জিলাৰ ৰৌতাৰ বড়োবজাৰ। ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পূৱ প্ৰান্তৰ ৬ খনকৈ আঞ্চলিক সমিতিৰ যৌথ প্ৰচেষ্টাত আয়োজিত ৰংজালী বৈশাগু উৎসৱ ।
বড়োবজাৰ ABSU কার্যালয় খেলপথাৰ প্ৰাংগনত দুদিনীয়াকৈ অনুষ্ঠিত হয় ৰংজালী বৈশাগু উৎসৱ। অনুষ্ঠানত নৃত্য প্রদর্শন ৬টা আঞ্চলিক ক্রমে নলবাৰী, ৰৌতা, বড়োবজাৰ, ওৰাং, মাজবাট আৰু বৰছলাৰ একোটাকৈ দলৰ(Udalguri News)।
অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ABSU ৰ কেন্দ্রীয় সভাপতি দ্বিপেন বড়োই । উপস্থিত থাকে BTC ৰ EM নিলোৎ স্বৰ্গীয়াৰীকে আদি কৰি বহু বিশিষ্ট ব্যক্তি। অনুষ্ঠানত অঞ্চলটোৰ সকলো জ্যেষ্ঠ নাগৰিকৰ পৰা চৰণ চুই আশীর্বাদ গ্রহণ কৰে কনিষ্ট সকলে। আধুনীকতাৰ ধামখুমীয়াত হেৰাই যাব খোজা ৰংজালী বৈশাগুৰ মুকলি প্রতিযোগিতাক ধৰি ৰখাৰ প্রয়াসক শলাগ ৰাইজৰ।
লগতে পঢ়ক : WATCH | Jamugurihat News : শোণিতপুৰৰ বালিপৰাত ৭০ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা