Local, Vocal, Global

Typhoon Gaemi wreaks havoc in Taiwan : টাইৱানত টাইফুন গেমিয়ে লৈছে ভয়ংকৰ ৰূপ,মৃত্যু ৮জন,আহত ৮৬৬ জন

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭জুলাই : বুধবাৰে টাইৱানত মৃত্যু ৮জন । টাইৱানত টাইফুন গেমিয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত মৃত্যু হয় লোককেইজনৰ(Typhoon Gaemi wreaks havoc in Taiwan) ।

কেন্দ্ৰীয় জৰুৰীকালীন অভিযান কেন্দ্ৰৰ (চি ই অ’ চি) তথ্য প্ৰকাশ কৰি ফ’কাছ টাইৱানে এই প্ৰতিবেদন প্ৰকাশ কৰিছে । শুকুৰবাৰে প্ৰকাশিত চি ই অ’ চিৰ পৰিসংখ্যা অনুসৰি, টাইৱানৰ মাজেৰে টাইফুন পাৰ হৈ যোৱাৰ সময়ত আৰু পিচত এজন লোক সন্ধানহীন হোৱাৰ উপৰি ৮৬৬ জন আহত হোৱাৰ খবৰ পোৱা গৈছে ।

অৱশ্যে টাইফুনে ইতিমধ্যে টাইৱান এৰিছে আৰু ক্ৰান্তীয় ধুমুহালৈ অৱনমিত হৈছে । ই এতিয়া চীনত উপস্থিত হৈছে । কিন্তু মধ্য আৰু দক্ষিণ টাইৱানত বৰষুণ অব্যাহত থাকিব পাৰে বুলি ফ’কাছ টাইৱানে জনাইছে । আনহাতে, হতাহতসকলৰ ভিতৰত আছে এগৰাকী ৬৪ বছৰীয়া মহিলা মটৰবাইকাৰ ।

কাওচিউঙত এডাল গছ উভালি তেওঁৰ ওপৰত যোৱাৰ ফলত তেওঁৰ মৃত্যু হয় । ইফালে হুয়ালিয়েন কাউণ্টিত ছাদ ভাঙি পৰি নিহত এগৰাকী ৪৪ বছৰীয়া মহিলা নিহত হয় আৰু কাওচিউঙত ভূমিস্খলনৰ সময়ত এগৰাকী ৭৮ বছৰীয়া বৃদ্ধৰ মৃত্যু হয় ।

ইয়াৰ উপৰি ঘৰত মেৰামতিৰ কাম কৰি থকা অৱস্থাত এজন ৬৫ বছৰীয়া ব্যক্তি মাটিত বাগৰি পৰে আৰু পিছত টাইনানৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে বুলি ফ’কাছ টাইৱানে জনায় । এজন ৭৫ বছৰীয়া স্কুটাৰ আৰোহীয়ে পৰি থকা এডাল গছত খুন্দা মৰাৰ ফলত মৃত্যু হয় ।

চি ই অ’ চিয়ে কয় যে চিয়াই কাউণ্টিৰ শিউচাং টাউনশ্বিপৰ দুটা পৃথক স্থানত বানত উটি যোৱা দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । অৱশ্যে তেওঁলোকক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই আৰু ঘটনা এতিয়াও তদন্তাধীন হৈ আছে । চিয়াই কাউণ্টিত আলিশান ফৰেষ্ট ৰে’লৱেৰ এজন কৰ্মচাৰীক গাড়ীৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । শিল পৰি তেওঁৰ মৃত্যু হয় ।

ইফালে কৰ্তৃপক্ষই এতিয়াও কুও নামৰ এজন ৬৭ বছৰীয়া সন্ধানহীন ব্যক্তিক বিচাৰি আছে । তদুপৰি, টাইফুনত ৮৬৬ জন লোক আহত হোৱা বুলিও জানিব পৰা গৈছে । ইয়াৰে ভিতৰত কাওচিউঙত সৰ্বাধিক সংখ্যক ২৫৯ গৰাকী লোক আৰু টাইনানত ১২৫ গৰাকী আৰু টাইচুঙত ১২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে ।

চি ই অ’ চিৰ মতে, টাইফুনৰ ফলত স্থানচ্যুত হোৱা ১,২৩২ জন ব্যক্তিক ৰাখিবলৈ ২৭৯ টা জৰুৰীকালীন শিবিৰ স্থাপন কৰা হৈছে । আনহাতে, টাইফুনৰ সময়ত নখন সাগৰীয় জাহাজে টাইৱানক সহায় কৰে । তদুপৰি, টাইৱানৰ পূব আৰু দক্ষিণ অংশত এতিয়াও বিক্ষিপ্ত বৰষুণ আৰু বজ্ৰপাতৰ ঘটনা ঘটি আছে(Many dead as typhoon gaemi hits Taiwan) ।

লগতে পঢ়ক : Heatwave Claims Life of Daily Wager : ৰাজ্যত প্ৰচণ্ড গৰমৰ ফলত মৃত্যু এজনৰ