Local, Vocal, Global

বাইক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত অগ্নিদগ্ধ দুই যুৱক

নিউজ ডেস্ক,৬ মাৰ্চঃ চাপৰৰ ধীৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা। বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। এখন দ্ৰুতবেগী ডাম্পাৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত জীৱন্তে অগ্নিদগ্ধ দুজনকৈ যুৱক। থিতাতে মৃত্যু হয় যুৱক দুজন। নিহত হোৱা বাইক আৰোহী যুৱক দুজন চাপৰৰ ৰৌমাৰী গাঁৱৰ ইমান হুছেইন আৰু শ্বাহৰুখ শ্বেখ।
    দূৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS17K4236 আৰু ডাম্পাৰখনৰ নম্বৰ AS17C0373। বালিভৰ্তি ডাম্পাৰখনে এই দূৰ্ঘটনাটো সংঘটিত কৰাৰ সন্দেহ।
 দূৰ্ঘটনাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ পানী প্ৰয়োগ কৰে যদিও ফ’ম প্ৰয়োগ কৰিহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।