Two youths kidnapped in Jorhat : নাগালেণ্ডৰ মোককচাং জিলাৰ লুংথুত বন্দী যোৰহাট মৰিয়নী নকছাৰীৰ দুজনকৈ যুৱক
নিউজ ডেস্ক,৩আগষ্ট : পুনৰ ৰাজ্যত সংঘটিত হৈছে অপহৰণৰ ঘটনা ৷ নাগালেণ্ডৰ মোককচাং জিলাৰ লুংথুত বন্দী যোৰহাট মৰিয়নী নকছাৰীৰ দুজনকৈ যুৱক ৷
জানিব পৰা মতে, বিগত ৫ দিন ধৰি একাংশ নগা লোকে বন্দী কৰি ৰাখিছে যুৱক দুজনক । যুৱক দুজনৰ মুক্তিৰ বিনিময়ত মৰিয়নিৰ তিনিজনকৈ ব্যক্তি আৰু নগদ ২.৫০ লাখ টকা পৰিয়ালৰ লোকক দাবী কৰিছে বুলি জানিবলৈ পৰা গৈছে । লুংথু বস্তিৰ কাউন্সিলে উক্ত ধনৰাশি মুক্তিপণ হিচাপে দাবী কৰিছে বুলি জানিব পৰা গৈছে ৷
নাগালেণ্ডৰ মোককচাং জিলাৰ লুংথুত বন্দী হৈ থকা যুৱক দুজন মৰিয়নি নকছাৰী বালিজান নতুন মাটিৰ জাকিৰ আলি আৰু বুটু আলি বুলি জানিব পৰা গৈছে । বৰ্তমান লুংথু আৰক্ষীৰ জিম্মাত দুয়োজন ভুক্তভোগী যুৱক আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে কাউন্সিলৰ লগতে একাংশ নগা লোকে দুয়োজন যুৱক আৱদ্ধ হৈ থকা থানাখন ঘেৰাও কৰি ৰাখিছে বুলি জানিব পৰা গৈছে(Two youths kidnapped in Jorhat) ।
যুৱক দুজনৰ পৰিয়ালৰ লোকে লুংথু বস্তিৰ কাউন্সিলে দাবী কৰা ধন আৰু তেওঁলোকে দিয়া চৰ্ত পূৰণ নকৰিলে থানাখনত আক্ৰমণ কৰি যুৱক দুজনক হত্যা কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰিছে । আনহাতে, লুংথুত আৱদ্ধ হৈ থকা দুয়োজন যুৱকক আনিবলৈ গৈ নিৰাশমনেৰে ঘৰলৈ উভতি আহিবলৈ পৰিয়াল লোক বাধ্য হৈছে বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে এই ঘটনা সম্পৰ্কত দুয়োটা পৰিয়াল আৰক্ষীৰ কাষ চাপিব বুলি জানিব দিছে । বহিঃৰাজ্য নাগালেণ্ডত আৱদ্ধ হৈ থকা যুৱক দুজনক উদ্ধাৰৰ ক্ষেত্ৰত অসম চৰকাৰ তথা ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয় ।
লগতে পঢ়ক : Lightning strike in Gelakey : নামতি বঙালী গাঁৱত বজ্ৰপাত পৰি কৰুণ মৃত্যু এজন যুৱকৰ