Local, Vocal, Global

Two youths died after a Boat capsized : টুলুঙা নাও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডুবি মৃত্যু ২জন, আহত তিনিজন

নিউজ ডেস্ক,৪জুলাই : ৰাজ্যত ক্রমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। বানত প্লাবিত হৈছে এখনৰ পাছত আনখন জিলা। প্লাৱিত হৈছে ৰাজ্যৰ ২৯খন জিলাৰ প্ৰায় ২,৮০০খন গাঁও। ৰাজ্যত বৰ্তমানলৈ বানত আক্ৰান্ত হৈছে ১৬,২৫,০৮৯ গৰাকীকৈ লোক। ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বোকাখাত সমষ্টিত সংঘটিত হৈছে এক কৰুণ ঘটনা(Two youths died after a Boat capsized) ।

প্ৰাপ্ত তথ্য অনুসৰি বোকাখাত সমষ্টিৰ গৰৈমাৰী মাজগাঁৱত এখন টুলুঙা নাও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডুব যায় । নাওখনত ৬ জন যুৱকে যাত্ৰা কৰি আছিল বুলি ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰে যুৱক কেইজনক ।

এই ভয়ংকৰ দুৰ্ঘটনাটো দুজন যুৱকৰ মৃত্য়ু ঘটে ৷ মৃত যুৱক দুজনৰ লাহন মাহিলী আৰু পাপলু দাস বুলি জানিব পৰা গৈছে ৷ আন তিনিজন যুৱক ক্ৰমে ৰাজ দাস, মৌচম দাস আৰু দীপজ্যোতি মাহিলীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ । বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা যুৱক তিনিজন বিপদমুক্ত বুলি চিকিৎসকে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে(Two youths died after a Boat capsized in Bokakhat) ।

লগতে পঢ়ক : Landslide in Arunachal Pradesh : অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন; ব্যাহত যাতায়ত ব্যৱস্থা