Local, Vocal, Global

Tragic incident at Bilasipara : কাম কৰি থকাৰ সময়ত টেংকিত সোমাই পৰে ৩ শ্রমিক, ২ শ্রমিকৰ মৃত্যু

ধুবুৰী, ২৫ জুলাই : বিলাসীপাৰাৰ নয়াহাটত মৰ্মান্তিক ঘটনা (Tragic incident at Bilasipara)। পানী যোগান আঁচনিৰ কাম কৰি থকা অৱস্থাত মৃত্যু তিনি শ্ৰমিকৰ। পানী যোগান আঁচনিৰ টেংকী চাফা কৰি থকা অৱস্থাত অক্সিজেনৰ অভাৱ হৈ মৃত্যু হয় শ্ৰমিককেইজনৰ(Jal Jeevan Mission scheme)। ৰাইজৰ অভিযোগ, ঠিকাদাৰ-অভিযন্তাৰ হেমাহি আৰু গাফিলতিৰ বাবে সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা(Tragic incident at Bilasipara)।

ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী থানাৰ ফকিৰানিৰঝাৰ খোৱাপানী যোগান আচঁনিখন উন্নীত কৰাৰ বাবে জল জীৱন আঁচনিৰ কাম চলি আছিল ৷ মঙলবাৰ ৰাতিপুৱা টেংকিৰ ভিতৰত ছাটাৰিং খুলিৱলৈ গৈছিল তিনিগৰাকী শ্ৰমিক(Two labour died in tragic incident at Bilasipara) ৷ ছাটাৰি খুলি কাম কৰি থকা অৱস্থাত সোমাই পৰে শ্ৰমিক কেইজন । ফনত অক্সিজেনৰ অভাৱত মৃত্যু হয় দুজন শ্ৰমিক । আনহাতে আহত হয় এজন ।

ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ কৰে লোককেইজনক । পিছত তৎক্ষণাত শ্ৰমিক তিনিজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে দুগৰাকী শ্ৰমিকৰ মৃত্যু বুলি ঘোষণা কৰে আন এগৰাকী শ্ৰমিক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ লোক উপস্থিত হয় ঘটনা স্থলিত ।

শ্ৰমিক কেইজন ক্ৰমে ফকিৰানীঝাৰ দ্বিতীয় খণ্ড গাঁৱৰ ছহিদুৰ ইছলাম, ফকিৰানীঝাৰ গাঁৱৰ শ্ৰমিক হজৰত আলী আৰু ছুৱাপাতা দ্বিতীয় খণ্ড গাঁৱৰ ছায়েদ আলী বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত বিলাসীপাৰা মহকুমাধিপতি আৰু বিলাসীপাৰা মহকুমা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে | দুজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃত্যু হয় চিকিৎসালয়লৈ নিয়াৰ পথত ।

লগতে পঢ়ক : Golaghat Triple Murder : গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাই জোঁকাৰিছে ৰাজ্য,হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব CID ক প্ৰদান