Two workers die of lack of oxygen : অক্সিজেনৰ অভাৱত মৃত্যু দুজনকৈ শ্ৰমিকৰ

নিউজ ডেস্ক,৫আগষ্ট : দক্ষিণ কামৰূপৰ ছয়গাঁৱত অঘটন। ছয়গাঁৱত দেওবাৰে সন্ধিয়া অক্সিজেনৰ অভাৱত মৃত্যু হয় দুজনকৈ শ্ৰমিকৰ। মৃত শ্ৰমিক দুজন নগৰবেৰাৰ বদলাপথাৰ টিয়াপাৰাৰ হজৰত আলী (১৯) আৰু নছিমুদ্দিন আহমেদ (২৩) বুলি চিনাক্ত কৰা হৈছে(Two workers die of lack of oxygen)।
এই শোকাৱহ ঘটনাটো সংঘটিত হয় ছয়গাঁৱৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান গ্ৰামীণজ্যোতি একাডেমীত।
জানিব পৰা মতে,বহুদিন ধৰি বন্ধ হৈ থকা পানীৰ টেংকিৰ ভিতৰত কাম কৰিবলৈ সোমাই মৃত্যু শ্ৰমিক দুজনৰ। ঘটনাৰ খবৰ পোৱাৰ লগে-লগে স্থানীয় লোক আৰু ছয়গাঁও থানাৰ আৰক্ষী উপস্থিত হৈ শ্ৰমিক দুগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে(Two workers die of lack of oxygen)।
কিন্তু উন্নত চিকিৎসাৰ বাবে বিজয়নগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও, কিছু সময়ৰ পিছতে চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে। আনহাতে শিক্ষা প্ৰতিষ্ঠানখনৰ মুৰব্বী শৰৎ চন্দ্ৰ দাসে সমগ্ৰ ঘটনা এক দূৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে টেংকিটোৰ ভিতৰত অক্সিজেনৰ অভাৱত শ্ৰমিক দুগৰাকীৰ মৃত্য হোৱা বুলি সন্দেহ প্ৰকাশ কৰে।
লগতে পঢ়ক :Bangladesh Protests : ৰক্তাক্ত বাংলাদেশ;মৃতকৰ সংখ্যা ৩০০জনলৈ বৃদ্ধি