Delhi Double Murder :নিজ গৃহত গুলীয়াই হত্যা দুই ভগ্নীক

নেশ্যনেল ডেস্ক, ১৮জুন : দেশত আৰক্ষী যিমানে সষ্টম হৈছে সিমানে বৃদ্ধি হৈ আছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা। দৈনিক দেশত ড্ৰাগছ, অপহৰণ ,হত্যাকাণ্ডৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে।প্ৰায় প্ৰতিদিনে হত্যাকাণ্ডৰ দৰে ঘটনাই বাতৰি শিৰোনাম দখল কৰা দেখা যায়।
পুনৰ ৰাজধানী দিল্লীত হত্যাকাণ্ড।দেওবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ডটো। ।যিয়ে জোকাৰি যায় দিল্লী। দিল্লীৰ আৰ কে পুৰম অঞ্চলত সংঘটিত হয় এই হত্যাকাণ্ড ।দক্ষিণ দিল্লীত দুগৰাকী যুৱতীক গুলীয়াই হত্যা কৰে এজন দুৰ্বৃত্তই।
প্ৰাপ্ত তথ্য় অনুসৰি, দেওবাৰে পুৱতি দক্ষিণ দিল্লীৰ আৰ কে পুৰম অঞ্চলত এজন দুৰ্বৃত্তই যুৱতী দুগৰকীৰ ঘৰত ককায়েকক বিচাৰি আহিছিল আৰু ককায়েকক বিচাৰি নাপায় দুৰ্বৃত্তই দুই ভগ্নীকে গুলীয়াই পলায়ন কৰে( shooting incident occurred in Delhis RK Puram area)। এই ঘটনাই এতিয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিহত দুই ভগ্নী পিংকি আৰু জ্যোতি,তেওঁলোকৰ এগৰাকীৰ বয়স ২৯ আনগৰাকীৰ ৩০ বছৰ। দিল্লীৰ ডঃ আম্বেদকাৰ বস্তিত তেওঁলোকৰ ঘৰ।
উল্লেখ্য যে, উক্ত হত্যাকাণ্ডৰ পিছতেই ঘটনা সন্দৰ্ভত এগৰাকী ব্যক্তিয়ে পুৱতি নিশা প্ৰায় ৪-৪০ বজাত স্থানীয় আৰক্ষীক ফোনযোগে অৱগত কৰিছিল।লোকজনৰ খবৰ ভিত্তিতেই ঘটনাস্থলীত আৰক্ষীৰলোক উপস্থিত হয় আৰু ততাতৈয়াকৈ দুই ভগ্নীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে(Delhi Double Murder)।
ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰে আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰে।
অৱশ্যে বৰ্তমানলৈ হত্যাকাণ্ড সংঘটিত কৰা ব্যক্তিজন চিনাক্ত কৰিব পৰা হোৱা নাই। দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে সমগ্ৰ ঘটনাক লৈ মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
লগতে পঢ়ক : Manipur Violence : প্ৰধানমন্ত্ৰী মোডীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন ১০টা বিৰোধী দলৰ