Local, Vocal, Global

Two warden suspended from Morigaon district jail : মৰিগাঁও জিলা কাৰাগাৰৰ দুজন ৱাৰ্ডেনক নিলম্বন

নিউজ ডেস্ক,১৭অক্টোবৰ : মৰিগাঁও জিলা কাৰাগাৰৰ দুজন ৱাৰ্ডেনক নিলম্বন। তপন ভূঞা আৰু অনুপ মালাকাৰৰ নিলম্বন । IG,DIGৰ প্ৰতিবেদনৰ পিছতেই নিলম্বন কৰা হয় ৱাৰ্ডেন দুজনক।

উল্লেখ্য যে, ১১ অক্টোবৰৰ নিশা মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পাঁচ জনকৈ POCSO গোচৰত কাৰাবাস খাটি থকা অপৰাধীয়ে পলায়ন কৰিছিল।তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী ভাঙি মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল ৫টা কয়দীয়ে। লোৰ গ্ৰীলৰ বেৰেক ভঙাৰ পাছত দুখন দেৱাল বগাই পলায়ন কৰিছিল চাইফুদ্দিন, জীয়াৰুল ইছলাম, নুৰ ইছলাম, আব্দুল ৰচিদ আৰু মফিদুল ইছলাম নামৰ কয়দীকেইটাই। মৰিগাঁৱৰ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত থকা কাৰাগাৰৰ সুউচ্চ দেৱালত লুঙি, বেডকভাৰ আৰু কম্বলেৰে প্ৰস্তুত কৰা ৰচীৰে কাৰাগাৰৰ পৰা পলায়ন কৰিছিল এই অপৰাধীকেইজনে(Two warden suspended from Morigaon district jail)।

সেই সময়ত কৰ্তব্যৰত অৱস্থাত আছিল তপন ভূঞা আৰু অনুপ মালাকাৰ নামৰ ৱাৰ্ডেন দুগৰাকী। এই সমগ্ৰ ঘটনাৰ তদন্তকাৰী কাৰাগাৰ বিভাগৰ IG, DIGৰ প্ৰতিবেদনৰ পিছতেই নিলম্বন কৰা হয় ৱাৰ্ডেন দুজনক।

ইতিমধ্যে কাৰাগাৰৰ পৰা পলায়ন কৰা অপৰীকেইজনৰ ভিতৰত আব্দুল ৰছিদ নামৰ পলাতক অপৰাধীজনৰ মৃতদেহ উদ্ধাৰ হৈছিল লাহৰীঘাটৰ এখন বিলত।

লগতে পঢ়ক :Raid at Excise Superintendent Partha Hazarika’s Home : ঘোচখোৰ পাৰ্থ হাজৰিকাৰ ফ্লেটৰ পৰা উদ্ধাৰ নগদ ৪৭,৩০,৫০০ টকা