Local, Vocal, Global

AAPৰ এজন Municipal Councillorক গুলীয়াই হত্যা দুজন অচিনাক্ত দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ১ আগষ্ট : দেওবাৰে পঞ্জাৱৰ মালেতকোটলা জিলাৰ এটা জিমত আম আদমী পাৰ্টিৰ (AAP) এজন Municipal Councillorক দুজন অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।

উল্লেখ্য যে, আকবৰ ভলি ( Akbar Bholi) নামৰ মৃত AAPৰ কাউন্সিলাৰজনক তেওঁৰ জিমত থাকোতে গুলীয়াই হত্যা কৰে।

আৰক্ষীৰ মতে, এয়া কোনো ব্যক্তিগত শত্ৰুতাৰ ঘটনা। কিয়নো ভোলীৰ জ্যেষ্ঠ ভাতৃ মহম্মদ আনৱাৰকো ২০২০ চনৰ জানুৱাৰীত মটৰচাইকেলত দুজন আক্ৰমণকাৰীয়ে হত্যা কৰিছিল।

মালেৰকোটলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অৱনীত কৌৰে কয় যে, “এতিয়ালৈকে আমি ভাবো যে এইটো কিছু ব্যক্তিগত শত্ৰুতাৰ ঘটনা কিন্তু এতিয়ালৈকে ইয়াৰ ওপৰত কোনো স্পষ্টতা নাই। এটা তদন্ত চলি আছে, যদি গোচৰটোৰ কিছু অগ্ৰগতি হয় তেতিয়া আমি সংবাদ মাধ্যমক অৱগত কৰিম,” ।

ভোলি ১৮ নং ৱাৰ্ডৰ এজন AAPৰ কাউন্সিলাৰ আছিল। তেওঁ কংগ্ৰেছৰ টিকটত তেওঁৰ প্ৰথম পৌৰ পৰিষদৰ নিৰ্বাচনত জয়ী হৈছিল আৰু পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ আগতে আম আদমী পাৰ্টিলৈ পৰিৱৰ্তন কৰিছিল।