Local, Vocal, Global

Two terrorists killed in anti-infiltration operation :জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযান;নিহত দুই সন্ত্ৰাসবাদী

নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযান । অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান নিৰাপত্তা বাহিনীৰ । অভিযানত নিহত দুই সন্ত্ৰাসবাদী ।

বিভিন্ন সংস্থা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ চোৰাংচোৱা তথ্যৰ ভিত্তিত ভাৰতীয় সেনাই দেওবাৰে মাজনিশা নওচেৰাৰ লাম নাম এটা অঞ্চলত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে(Two terrorists killed in anti-infiltration operation)।

অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে সীমান্ত অতিক্ৰম কৰিবলৈ চেষ্টা কৰা সন্ত্ৰাসবাদীৰ গতিবিধি লক্ষ্য কৰে । লগে লগে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দলটোৱে অভিযান আৰম্ভ কৰে । অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হয় বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও অঞ্চলটোৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো(Two terrorists neutralised in anti-infiltration operation in J&K’s Nowshera)।

এক্সৰ এটা পোষ্টত সেনাৰ জম্মু-ভিত্তিক হোৱাইট নাইট কৰ্পছে কয় যে অনুপ্ৰৱেশৰ সম্ভাৱ্য প্ৰচেষ্টা সন্দৰ্ভত চোৰাংচোৱা সংস্থা আৰু আৰক্ষীৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি লামৰ সাধাৰণ এলেকাত ৮ ছেপ্টেম্বৰৰ মাজনিশা অনুপ্ৰৱেশ বিৰোধী অভিযান আৰম্ভ কৰা হৈছিল ।

পোষ্টটোত কোৱা হৈছে, “দুটা সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰা হৈছে আৰু দুটা একে-৪৭ আৰু এটা পিষ্টলসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে (এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে)। অনুসন্ধান অভিযান চলি আছে ।”

ইফালে বিষয়াসকলে কোৱা মতে সেনাই অন্ধকাৰ অঞ্চলটোত পোহৰৰ ব্যৱস্থা কৰিছিল আৰু এনকাউণ্টাৰৰ পিচতো গোটেই নিশা কঠোৰ নিৰীক্ষণত ৰাখিছিল । একেদৰে পুৱতি নিশাৰ পৰা পুনৰ অভিযান আৰম্ভ কৰা হয় । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ অভিযান চলি থকাৰ কথা গম পোৱা গৈছে । ভাৰতীয় সেনাই অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু যিকোনো গতিবিধি নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক : Ammunition seized in Mizoram : মিজোৰামত জব্দ বুজন সংখ্যা গুলী