Two teenagers missing in Doyang river : বৰ্তমানেও দৈয়াং নদীত সন্ধানহীন দুই কিশোৰক বিচাৰি উদ্ধাৰ অভিযান অব্য়াহত ৰাখিছে

নিউজ ডেস্ক,২০জুলাই : বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে গোলাঘাট জিলাৰ ৱাটিং গাড়ীগাঁৱত দৈয়াং নদীত । দুই কিশোৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ বাহিনীয়ে ।
শনিবাৰে জিলা আয়ুক্ত পি উদয় প্ৰবীণে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কিশোৰ দুজনক উদ্ধাৰ কৰিবলৈ আৰু এটা এছ ডি আৰ এফ বাহিনী নিয়োগ কৰিব বুলি উল্লেখ কৰে । লগতে জিলা আয়ুক্ত গৰাকীয়ে কয় যে, বানপানীৰ বাবে বেলেগ বেলেগ স্থানত এছ ডি আৰ এফ বাহিনী নিয়োজিত হৈ আছে আৰু তাৰ পৰাই আৰু এটা বাহিনীৰ এই উদ্ধাৰ অভিযানত নিয়োগ কৰা হ’ব ।
ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে বিয়লি গোলাঘাট জামুগুৰি চাহ বাগিচাৰ ১ নং লাইনৰ কৈলাশ কুমাৰ ভক্ত, মনোজ দীপ আৰু কুমুদ জাল নামৰ তিনিজন বন্ধুৱে ৱাটিং গাড়ীগাঁৱত দৈয়াং নদীত গা ধুবলৈ গৈছিল আৰু তাপ পিছৰে পৰা দৈয়াং নদীত সন্ধানহীন হৈ পৰে(Two teenagers missing in Doyang river) ।
তাৰ পিছতে শুকুৰবাৰে পৰিয়ালৰ লোকে দৈয়াং নদীৰ পাৰত এখন চাইকেল, কাপোৰ আৰু কিছু পৰিমাণৰ খাদ্য সামগ্ৰী উদ্ধাৰ কৰে । লগে লগে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত খবৰ দিয়া হয় ।
ইয়াৰ পিচতেই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ কিশোৰ তিনিজনৰ সন্ধান উলিয়াবলৈ এছ ডি আৰ এফক খবৰ দিয়াত দুটাকৈ অভিযানকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ দৈয়াং নদীৰ বুকুত উদ্ধাৰ অভিযান আৰম্ভ কৰি গধূলি মনোজ দীপ নামৰ এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এন্ধাৰ নামি অহা বাবে আন দুজন কিশোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ।
আজি পুৱাৰে পৰা পুনৰ বাকী দুজন কিশোৰৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এছ ডি আৰ এফৰ দুটা দলে । কিন্তু বৰ্তমানলৈকে কিশোৰ দুজনৰ কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
ইপিনে, জিলা আয়ুক্ত পি উদয় প্ৰবীণে বানপানীৰ বাবে বেলেগ বেলেগ স্থানত এছ ডি আৰ এফ বাহিনী নিয়োজিত হৈ আছে আৰু তাৰ পৰাই আৰু এটা বাহিনীৰ এই উদ্ধাৰ অভিযানত নিয়োগ কৰা হ’ব বুলি কয় ।