Road Accident : খেল মহাৰণত অংশ ল’বলৈ যোৱাৰ পথত মৃত্যু দুই কিশোৰৰ

নিউজ ডেস্ক, ৭নৱেম্বৰ : এক কৰুণ ঘটনা । খেল মহাৰণত অংশ ল’বলৈ যোৱাৰ পথত মৃত্যু দুই কিশোৰৰ । দক্ষিণ কামৰূপৰ পলাশবাৰীত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো(Road Accident) ।
উল্লেখ্য যে, ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাসমূহক এখন প্ৰকৃত মঞ্চ আগবঢ়াই দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে খেল মহাৰণ ৷ মঙলবাৰে খেল মহাৰণলৈ অংশগ্ৰহণ কৰিবলৈ গৈছিল দুই কিশোৰ সেই সময়তে যোৱাৰ পথত কৰুণ মৃত্যুক সাৱটি লয়(Two Dead In Road Accident) ।
জানিব পৰা মতে, মঙলবাৰে পুৱাই দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মণিয়েৰী তিনিআলিৰ পৰা বৰিহাটলৈ খেল মহাৰণত অংশগ্ৰহণৰ উদ্দেশ্যে দুই কিশোৰে AS 25 T 6893 নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে গৈ আছিল ৷ তীব্ৰ বেগেৰে গৈ থকা বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই জগলিয়াপাৰত পথৰ দাঁতিত বৈদ্যুতিক খুটাত খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় দুই কিশোৰ(Two Teenager Died in a Road Accident) ।
মৃত্যু হোৱা কিশোৰ দুয়োগৰাকী বটিয়াপাৰাৰ অম্লানজ্যোতি দাস আৰু মনীয়াৰীৰ চন্দন আলী বুলি জানিব পৰা গৈছে। দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলত অধ্যয়নৰত দুই কিশোৰৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে।
লগতে পঢ়ক : Violence In Manipur: পুনৰ মণিপুৰত গুলীচালনাৰ ঘটনা ,আহত ৪জন