Local, Vocal, Global

Watch | Two teachers arrested for sexually assaulting minor girl: নাবালিকা ছাত্ৰীক যৌন উৎপীড়নৰ অভিযোগত গ্ৰেপ্তাৰ দুই ভণ্ড শিক্ষক


বিলাসীপাৰা: বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা। নাবালিকা ছাত্ৰীক যৌন উৎপীড়নৰ অভিযোগ দুই শিক্ষকৰ বিৰুদ্ধে। গ্ৰেপ্তাৰ বিলাসীপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দুই ভণ্ড শিক্ষক। শিক্ষক ভৃগুজিৎ শৰ্মা আৰু মঞ্জিৎ দাসক জেলহাজত লৈ প্ৰেৰণ। বিদ্যালয়খনৰ নাবালিকা ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত ছাত্ৰীৰ পৰিয়ালে বিলাসীপাৰা থানাত দাখিল কৰিছিল এজহাৰ । বিদ্যাৰ মন্দিৰত সংঘটিত হোৱা এই চৰম লজ্জাজনক ঘটনাকলৈ বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।