Two suspected bombs recovered in Sivsagar : শিৱসাগৰৰ দুটা স্থানত উদ্ধাৰ বোমা
নিউজ ডেস্ক,১৫আগষ্ট : ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে ৰাজ্যত বোমাতংক ।
আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ । শিৱসাগৰ নগৰৰ দুটা স্থানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৯ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা স্বাধীনৰ । কাৰিকৰী বিজুতিৰ বাবে বোমা নুফুটাৰ কথা সদৰী বিবৃতিত(Two suspected bombs recovered in Sivsagar)।
শিৱসাগৰৰ বাইপাছস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সমীপত আৰু অ’এনজিচি ক’লনীৰ সমীপৰ লখিমীনগৰত বোমা সংস্থাপন কৰাৰ দাবী ।
ৰাইজৰ সুৰক্ষাৰ বাবে বোমা নিষ্ক্ৰিয়কৰণৰ আহ্বান আলফা স্বাধীনৰ । ইতিমধ্যে শিৱসাগৰৰ দুটা স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে বোমা । আলফা(স্বাঃ)ৰ বিবৃতিত উল্লেখ থকা DTO অফিচৰ কাষত, ONGCৰ বিজি ৰোডত উদ্ধাৰ হৈছে বোমা।
আৰক্ষীয়ে নিষ্ক্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা(Two suspected bombs recovered in Sivsagar) ৷
লগতেে পঢ়ক : Independence Day 2024: নগাঁৱত ৭৮ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলন কৰে অতুল বৰাই