Two smuggler arrested in Lakhimpur with fake gold : লখিমপুৰত নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ দুই বেপাৰীক
নিউজ ডেস্ক,১৩আগষ্ট : ৰাজ্যত অব্যাহত আছে নকল নোট আৰু নকল সোণৰ বেহা । নকল সোণৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ কঠোৰ অভিযান চলি থকাৰ মাজতো এতিয়াও একাংশ অসাধু লোকে অব্যাহত ৰাখিছে এই সোণৰ সৰবৰাহৰ(Two smuggler arrested in Lakhimpur with fake gold) ৷
লখিমপুৰত পুনৰ নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত জব্দ সোণৰ নাও । লগতে আৰক্ষীয়ে দুটা বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে, সোমবাৰে নিশা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত আৰক্ষীৰ দলে উত্তৰ ম’হঘুলিত চলোৱা অভিযান চলাই । অভিযানত এখন নকল সোণৰ নাও উদ্ধাৰ কৰে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ধৃত বেপাৰী দুটা হৈছে- আব্দুল বাচাৰ আৰু ইমদাদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে এই অভিযুক্ত দুটাৰ পৰা তিনিটা মোবাইল ফোনো জব্দ কৰে । সম্প্রতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে আব্দুল বাচাৰ আৰু ইমদাদুল ইছলামক জেৰা চলাই আছে(Two smuggler arrested in Lakhimpur with fake gold)।
উল্লেখ্য যে, নিতৌ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত বিশেষকৈ বঙালমৰাৰ ভিন্ন ঠাইত অভিযান চলাই নকল সোণ আদি উদ্ধাৰ কৰাৰ লগতে কেইবাটাও বেপাৰীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।