মাছ ধৰিবলৈ গৈ মৃত্যু দুই ভগ্নীৰ
নিউজ ডেস্ক : দেওবাৰে দৰং জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পুখুৰীত ডুব গৈ মৃত্যুক সাৱতিলে দুজনী নাবালিকা ভগ্নীয়ে।
বাতৰি অনুসৰি, দুয়োচিমুৰিয়া ভকতপাৰা অঞ্চলত মাছ ধৰাৰ বাবে পুখুৰীলৈ যোৱাৰ সময়ত সংঘটিত হৈছিল শোকাৱহ ঘটনাটো।
উল্লেখ্য যে, মৃত নাবালিকা ছোৱালীকেইজনীক চিলচিনা মাৰাক আৰু মাৰ্টিনা মাৰাক বুলি চিনাক্ত কৰা হৈছে।
ঘটনাটোৰ পিছত, দুয়োটা মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয়।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল।