Two School Students Missing Amid Saraswati Puja Festivities : সৰস্বতী পূজাৰ উলাহৰ মাজতেই মহানগৰীৰ পৰা সন্ধানহীন দুগৰাকীকৈ ছাত্ৰী

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : পুনৰ মহানগৰীত সন্ধানহীন দুগৰাকীকৈ ছাত্ৰী । সৰস্বতী পূজাৰ উলাহৰ মাজতেই মহানগৰীৰ পৰা সন্ধানহীন ছাত্ৰী দুগৰাকী ।
বুধবাৰে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ লগতে গুৱাহাটী মহানগৰীতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ উদযাপন কৰা হয়। কিন্তু সৰস্বতী পূজাৰ দিনটোতেই মহানগৰীত দুগৰাকীকৈ ছাত্ৰী সন্ধানহীন হয় যিয়ে এতিয়া চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন ছাত্ৰী দুগৰাকী অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে। নিৰুদ্দিষ্ট ছাত্ৰী দুগৰাকীৰ নাম মধুস্মিতা বৈশ্য আৰু বন্দিতা ভৌমিক বুলি জানিব পৰা গৈছে(Two School Students Missing Amid Saraswati Puja Festivities)।
জানিব পৰা মতে, , সন্ধানহীন ছাত্ৰী দুগৰাকী পুৱাই ঘৰৰ পৰা ওলাই গৈছিল বিদ্যালয়ত অনুষ্ঠিত সৰস্বতী পূজা লৈ। বিদ্যালয়ৰ পৰা উভতি আহি পুনৰ ঘৰৰ পৰা ওলাই গৈছিল দুই ছাত্ৰী । তেতিয়াৰে পৰা সন্ধান নাই ছাত্ৰী দুগৰাকীৰ। নিৰুদ্দিষ্ট মধুস্মিতা বৈশ্যৰ লগত এটা ম’বাইল ফোন আছিল। নিশা ১১ বাজি ১৫ বজালৈ ছাত্ৰীগৰাকীৰ হোৱাটছএপ এক্টিভ আছিল। কিন্তু বৰ্তমানলৈ দুই ছাত্ৰীৰ সন্ধান পোৱা হোৱা নাই। এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে।
আৰক্ষীৰ তদন্তৰ অন্তহে পোহৰলৈ আহিব তেওঁলোকৰ সৈতে কিবা অঘটন হৈছে নে আন কিবা ৰহস্য জড়িত আছে ।
লগতে পঢ়ক : Massive fire breaks out in Dalgaon : বিধ্বংসী অগ্নিকাণ্ড; নিমিষতে ভষ্মীভূত ৫ টাকৈ পৰিয়ালৰ বাসগৃহ