Local, Vocal, Global

Two Russian journalists detained on ‘extremism’ charges : ৰাছিয়াত আটক দুই সাংবাদিকক;‘উগ্ৰবাদ’ৰ অভিযোগত ৰাছিয়াত আটক সাংবাদিক দুজনক

ইণ্টাৰনেশ্যনেল ডেস্ক,২৯এপ্ৰিল : ৰাছিয়াত আটক দুই সাংবাদিকক ।‘উগ্ৰবাদ’ৰ অভিযোগত ৰাছিয়াত আৰক্ষীয়ে আটক কৰিছে সাংবাদিক দুজনক(Two Russian journalists detained on ‘extremism’ charges) ৷

চিএনএনৰ বাতৰি অনুসৰি ৰাছিয়াই আটক কৰা সাংবাদিক দুজন হ’ল কনষ্টেণ্টিন গাবভ আৰু চেৰ্গে কেৰেলিন ৷ কৰ্তৃপক্ষই সাংবাদিক দুজনক ৰাছিয়াৰ প্ৰয়াত বিৰোধী ব্যক্তি এলেক্সি নাভালনিৰ সৈতে জড়িত এটা গোটৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে বুলি চিএনএনে জনায় ।

গাবভ আৰু কেৰেলিনে নাভালনিৰ প্ৰভাৱশালী ইউটিউব চেনেল “NavalnyLIVE” ত অৰিহণা যোগোৱাৰ অভিযোগ উত্থাপন হৈছে । এই ইউ টিউব চেনেলটো ক্ৰেমলিনৰ দুৰ্নীতি সম্বন্ধীয় তথ্য উন্মোচনৰ বাবে পৰিচিত, যিয়ে লাখ লাখ দৰ্শকক আকৰ্ষণ কৰি আহিছে(Two Russian journalists detained on ‘extremism’ charges, linked to Navalny group) ।

ৰাছিয়াৰ কৰ্তৃপক্ষই নাভালনি আৰু তেওঁৰ সংগঠনসমূহক “উগ্ৰপন্থী” বুলি অভিহিত কৰিছে ৷ লগতে, তেওঁৰ সহযোগীসকলক কাৰাগাৰত ভৰোৱা হৈছে আৰু আন বহু লোকক নিৰ্বাসিত কৰা হৈছে বুলি চিএনএনে প্ৰকাশ কৰিছে । মস্কোৰ বাছমানি জিলা আদালতৰ মতে, ৰয়টাৰ সংবাদ সংস্থাৰ প্ৰযোজক হিচাপে চিনাক্ত হোৱা গাবভক ২৭ জুন পৰ্যন্ত আটকাধীন হৈ থাকিব ।

ৰাছিয়াৰ মুৰ্মানস্ক অঞ্চলত গ্ৰেপ্তাৰ হোৱা কেৰেলিনৰ বিৰুদ্ধে “এটা উগ্ৰপন্থী সংগঠনত জড়িত”ৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পূৰ্বে কেৰেলিন এছ’চিয়েটেড প্ৰেছ (এ পি) আৰু ডয়চে ৱেলে (ডি ডব্লিউ)ৰ দৰে আউটলেটত কাম কৰিছিল, ইয়াৰ পিছত ২০২২ চনত ৰাছিয়াত ইয়াক নিষিদ্ধ কৰা হৈছিল ।

গাবভ আৰু কেৰেলিনক আটক কৰাটোৱে ৰাছিয়াত সাংবাদিক আৰু ক্ৰেমলিনৰ সমালোচকৰ ওপৰত বহল দমনৰ প্ৰতিফলন ঘটায় । বিশেষকৈ ইউক্ৰেইন আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনে মতানৈক্য দমনৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । শেহতীয়াকৈ ফৰ্বছৰ সাংবাদিক চাৰ্গেই মিংগাজ’ভক ৰাছিয়াৰ সেনাবাহিনীৰ বিষয়ে ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত গৃহবন্দী কৰা হৈছিল ।

এসময়ত পুটিনৰ প্ৰাথমিক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী নাভালনীয়ে উগ্ৰবাদৰ অভিযোগত দীৰ্ঘদিনীয়া কাৰাদণ্ড ভুগি থকাৰ সময়তে জিম্মাত মৃত্যুবৰণ কৰে । চিএনএনৰ বাতৰি অনুসৰি তেওঁৰ মৃত্যুত ক্ৰেমলিনৰ সহযোগিতা থকাৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলে ৷ অৱশ্যে এই দাবী ৰাছিয়াৰ কৰ্তৃপক্ষই তীব্ৰভাৱে অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক : Tragic Accidents in Teok : নিৰ্মিয়মান দলঙত খুন্দা মটৰ চাইকেলৰ,আহত চাইকেল আৰোহী