Chennai Encounter : আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাওঁতেই গুলীয়াই হত্যা দুই অপৰাধী
![](https://mynewsne.com/wp-content/uploads/2023/08/HFHJJ-750x430.jpg)
নেশ্যনেল ডেস্ক, ১ আগষ্ট : আৰক্ষীৰ আত্মৰক্ষাৰ চেষ্টাত প্ৰাণ গ’ল দুই অপৰাধীৰ (Chennai Encounter) ৷ চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱা দুই অপৰাধীক গুলীয়াবলৈ বাধ্য হ’ল আৰক্ষীয়ে ৷
মঙলবাৰে পুৱতি নিশা তামিলনাডু আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় দুটা দুৰ্ধৰ্ষ অপৰাধী (Two rowdies killed in Police Encounter in Chennai) ৷ পুৱা প্ৰায় ৩.৩০ বজাত তাম্বাৰমৰ সমীপৰ গুডুভাঞ্চেৰীত আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাওঁতেই গুলীয়াই হত্যা কৰা হয় অপৰাধী দুটাক ৷ দুয়োটা অপৰাধীৰ বিৰুদ্ধে আছে হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, ধন দাবীকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক গোচৰ ৷ দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল অপৰাধী কোইটা ৷ আৰক্ষীৰ সংঘৰ্ষত নিহত দুজন অপৰাধী ক্ৰমে বিনোদ, আৰু ৰমেশ বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে জনোৱা অনুসৰি চেন্নাইৰ তাম্বাৰম চহৰৰ অন্তৰ্গত গুডুভানচেৰীত এছ ইউ ভি গাড়ীৰে যাত্ৰা কৰা চাৰিজনীয়া এটা দলে এটা টহলদাৰী দলক খুন্দা মাৰিছিল। লগতে এই চক্ৰটোৱে আৰক্ষীক আক্ৰমণ কৰাৰ লগতে দেশত নিৰ্মিত বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সময়তে এজন উপ-পৰিদৰ্শক আৰু এজন পৰিদৰ্শকে গুলীচালনা কৰে। দুজন লোক গুলীচালনাত নিহত হয় তেওঁলোকক মৰুণোত্তৰ পৰীক্ষাৰ বাবে চেংগালপট্টু চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় । বাকী দুজন পলায়ন কৰে। আনহাতে উপ-পৰিদৰ্শক শিৱগুৰুনাথনক আঘাতপ্ৰাপ্ত হৈ ক্ৰ’মপেট চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ( injured sub-inspector)।
আৰক্ষীয়ে জনোৱা মতে, দুয়োজন লোক হত্যা আৰু আক্ৰমণৰ গোচৰত জড়িত আছিল।
জানিব পৰা মতে আৰক্ষী পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু কনিষ্টবলেৰে গঠিত এটা দলে ৰাজ পথত তালাচী চলাই থকাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ তীব্ৰবেগত অহা এখন ক’লা ৰঙৰ স্ক’ডা গাড়ী ৰখাবলৈ চেষ্টা কৰাৰ সময়তে চালকজনে তীব্ৰ জোৰত আৰক্ষীৰ বাহনত খুন্দা মাৰে ৷ লগে লগে আৰক্ষীয়ে বাহনখন আগুৰি ধৰে যদিও অস্ত্ৰৰে সুসজ্জিত চাৰিজনীয়া দলটো আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷
ইয়াৰে এটা দুৰ্বৃত্তই আৰক্ষী উপ-পৰিদৰ্শকজনৰ বাওঁ বাহুত এখন দাৰে আক্ৰমণ কৰি পৰৱৰ্তী সময়ত ডিঙি ৰেপিবলৈ চেষ্টা কৰে ৷ কিন্তু আৰক্ষী বিষয়াজনে হালি দিয়াত, তেওঁৰ টুপীটো কাটি যায় আৰু কথমপি বিষয়াজনৰ প্ৰাণ ৰক্ষা পৰে ৷ ইয়াৰ পাছতে বিষয়াজনে দুৰ্বৃত্তটোক উদ্দেশ্যি গুলীচালনা কৰে ৷ আৰক্ষী পৰিদৰ্শকগৰাকীয়ে আন এটা দুৰ্বৃত্তক গুলীয়াই হত্যা কৰে ৷ আন দুটা দুৰ্বৃত্ত অৱশ্যে অস্ত্ৰসহ পলাই যাবলৈ সক্ষম হয় ৷
এই ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ তামবাৰামত ৷ তামবাৰাম চহৰ আৰক্ষীৰ গুদুভানচাৰি আৰক্ষী চকীৰ অন্তৰ্গত অৰুংগল ৰোডত তালাচী চলাই আছিল ইন্সপেক্টৰ মুৰুগেচান, চাব ইন্সপেক্টৰ শিৱগুৰুনাথন আৰু কেইজনমান কনিষ্টবলে ৷ সেই সময়তে সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা ৷ নিহত অপৰাধী দুটা হৈছে বিনোদ আৰু ৰমেশ ৷
জানিব পৰা মতে বিনোদৰ বিৰুদ্ধে বহু কেইটা গোচৰ ক্ৰমে দহটা হত্যা, ১৫ টা হত্যাৰ চেষ্টা, নিৰ্যাতন আৰু ধন দাবীসহ প্ৰায় ৫০ টাৰো অধিক গোচৰ ৰুজু হৈ আছিল বিভিন্ন থানাত ৷ আনহাতে ৰমেশৰ বিৰুদ্ধে ৫ টা হত্যা, ৭ টা হত্যাৰ চেষ্টা, ৪ টা নিৰ্যাতন আৰু ধন দাবীসহ প্ৰায় ২০ টাতকৈও অধিক গোচৰ আছিল ৷
দুৰ্বৃত্তৰ আক্ৰমণত আহত চাব ইন্সপেক্টৰ শিৱগুৰুনাথনক ক্ৰমেপেট চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে নিহত দুই অপৰাধীক মৰণোত্তৰ পৰীক্ষাৰ বাবে চেংগালপট্টু চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷
লগতে পঢ়ক : Guwahati murder : ধনৰ বাবেই বন্ধুক হত্যা কৰি লুকুৱাই থলে পানী-মেটেকাৰ তলত