কলকাতা সামৰিক চোৰাংচোৱা বিভাগ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ দুজন ৰহিংগীয়া
নিউজ ডেস্ক, ২৩ আগষ্ট : সোমবাৰে কৰিমগঞ্জ জিলাত কলকাতা সামৰিক চোৰাংচোৱা বিভাগ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানৰ সময়ত দুজন ৰহিংগীয়াক গ্ৰেপ্তাৰ কৰা হয়।
বাতৰি অনুসৰি, বদৰপুৰ ৰে’ল ষ্টেচনৰ আৰক্ষীয়ে ৰে’ল ষ্টেচনৰ ১ নং প্লেটফৰ্মৰ পৰা জামাল হোছেইন আৰু আমিৰ হাকীম নামৰ বিদেশীসকলক গ্ৰেপ্তাৰ কৰে। তেওঁলোক দুয়োজন ম্যানমাৰৰ বাসিন্দা আছিল।
আৰক্ষীয়ে তেওঁলোকৰ দখলৰ পৰা নগদ ১০,২৩০ টকা (ভাৰতীয় মুদ্ৰা নোট), ৯৮০ টাকা (বাংলাদেশী মুদ্ৰা নোট) আৰু এটা মোবাইল ফোন জব্দ কৰে।
অনুসন্ধানৰ সময়ত, এইটো প্ৰকাশ পাইছিল যে জামাল ২০১২ চনত বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল আৰু ২০১৬-১৮ বৰ্ষৰ পৰা জম্মু আৰু কাশ্মীৰৰ বাৰামুলাৰ এটা মছজিদত বাস কৰি আছিল।
আনহাতে, আমিৰ ছয় মাহ আগতে ভাৰতলৈ আহিছিল আৰু জম্মু-কাশ্মীৰতো বাস কৰিছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁলোকক বদৰপুৰ ৰেল ষ্টেচনত আটক কৰা সময়ত তেওঁলোক দুয়োজন বাংলাদেশ অভিমুখে যাত্ৰা কৰি আছিল ।
ইফালে, কলকাতা সামৰিক চোৰাংচোৱা বিভাগে কয় যে যিকোনো উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক উলিয়াবলৈ তদন্ত আৰম্ভ কৰা হৈছে।