Local, Vocal, Global

বঙাইগাঁৱত এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত ড্ৰাগছ পেডলাৰসহ দুই আৰক্ষী

নিউজ ডেস্ক,১৯ মাৰ্চঃ বিগত কিছুদিন ধৰি ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে এনকাউণ্টাৰৰ ঘটনা। বঙাইগাঁৱৰ মাজগাঁৱত আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ পেডলাৰ মহম্মদ হুছেইন। আৰক্ষীৰ বাহনৰ পৰা জঁঁপিয়াই পলায়নৰ চেষ্টা কৰা সময়তে এই ঘটনা সংঘটিত হয়।

আনহাতে ড্ৰাগছ পেডলাৰৰ আক্ৰমণত আহত হৈছে দুজনকৈ আৰক্ষী৷ শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহম্মদ হুছেইনক ৷ প্ৰায় ২২ গ্ৰাম ড্ৰাগছসহ আৰক্ষীয়ে মহম্মদ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল।

উত্তৰ শালমাৰা-বঙাইগাঁও সংযোগী ৰাজ্যিক ঘাইপথত বাহনৰ পৰা মহম্মদ হুছেইনে পলায়নৰ চেষ্টা চলোৱাত  আৰক্ষীয়ে দুই জাঁই গুলি চলাবলগীয়া হয়। আনহাতে  আৰক্ষী উপ পৰিদৰ্শক সুকেশ ঘোষ আৰু কনিষ্টবল হিৰেন দাস আহত হয় ৷
আহত আৰক্ষী কেইজনক বঙাইগাঁও চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় । আনহাতে ড্ৰাগছ ব্যৱসায়ীজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷