Local, Vocal, Global

Two Poachers Shot Dead by Forest Officials in Laokhowa Sanctuary : লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত বনবিভাগৰ গুলীচালনা;বনকৰ্মীৰ গুলীত নিহত দুই চোৰাং মাছমৰীয়া

নিউজ ডেস্ক,২২জুন : চোৰাং মাছমৰীয়ালৈ লক্ষ্য কৰি গুলীচালনা৷ গুলীচালনাত নিহত দুই ভাই-ককাই৷

নগাঁও জিলাৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত ভয়ংকৰ ঘটনা। লাওখোৱা অভয়াৰণ্যত বনবিভাগৰ গুলীচালনা ৷ বনৰক্ষীৰ গুলীত নিহত দুজন চোৰাং মৎস্য ব্যৱসায়ী।নিহত মৎস্য ব্যৱসায়ী দুজন ভাই-ককাই৷ নিশা ৰৌমাৰী বিলত মাছ মাৰিবলৈ গৈছিল দুয়ো(Two Poachers Shot Dead by Forest Officials in Laokhowa Sanctuary)৷

জানিব পৰা মতে, শুকুৰবাৰে নিশা ৰৌমাৰী বিলত চোৰাংকৈ মাছ ধৰিবলৈ গৈছিল দুই ভাই-ককাই । সেই সময়তে বনৰক্ষীয়ে গুলীচালনা কৰে আৰু বনৰক্ষীৰ গুলীত নিহত হয় জলিলউদ্দিন আৰু ছমিৰউদ্দিন নামৰ দুজন মৎস্য ব্যৱসায়ী দুজন। নিহত লোক দুজনৰ ঘৰ জুৰীয়াৰ ধিংবৰি চাপৰি গাঁৱত বুলি জানিব পৰা গৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে নিশাই বন বিভাগে নিহত দুই চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে ঘটনাস্থলীত বৃহৎ আৰক্ষী বাহিনী আৰু বন বিভাগৰ লোক মোতায়েন কৰা হৈছে।

লগতে পঢ়ক : Dead Body Recovered : পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতেদহ