Watch | Two people were arrested along with drugs in the operation of Jagiroad police: জাগীৰোড আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজনক আটক
জাগীৰোড: জাগীৰোড আৰক্ষীৰ জালত পুনৰ ড্ৰাগছ সৰবৰাহকাৰী ৷ আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে হোজাই হাতীখালীৰ আজিজুৰ ৰহমান আৰু নগাঁৱৰ মকচিদুল মমিন ৷
নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ সময়তে জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে চলোৱা তালাচী অভিযানত আটক দুই সৰবৰাহকাৰী ৷
সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ৫৯ গ্ৰাম সন্দেহজনক হেৰ’ইন ৷ ৫ টাকৈ চাবোনৰ বাকচত হেৰ’ইনখিনি আনিছিল সৰবৰাহকাৰী দুটাই ৷ আৰক্ষীৰ চকুত ধুলি দিবলৈ AS23Q-1763 নম্বৰৰ এখন আই ২০ বাহনৰ দৰ্জাৰ ভিতৰত লুকুৱাই আনিছিল সন্দেজনক হেৰ’ইনখিনি ৷ অধিক তথ্যৰ বাবে দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে জাগীৰোড আৰক্ষীয়ে ৷