Local, Vocal, Global

Two UP Boys Forced To Drink Urine: চুৰিৰ সন্দেহত দুই কিশোৰক গনপ্ৰহাৰ

নেশ্যনেল ডেস্ক,৭আগষ্ট : দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা (Two UP Boys Forced To Drink Urine)। প্ৰায় বাতৰিৰ শিৰোনাম দখল কৰে এই সমূহ ঘটনাই । দেশত হত্য়া,হিংসা,ধৰ্ষণ সমান্তৰালকৈ বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা ।দেশত বৃদ্ধি পাবলৈ ধৰিছে মৰেল পুলিচঙৰ ঘটনা । দেশত সংঘটিত হল আন এক মৰেল পুলিচঙৰ ঘটনা । এইবাৰ গণপ্ৰহাৰৰ বলি হ’ল দুই কিশোৰ ।

পুনৰ আন এক মৰেল পুলিচঙৰ ঘটনা । এইবাৰ মৰেল পুলিচঙৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত । উত্তৰ প্ৰদেশত দুই কিশোৰক গনপ্ৰহাৰ একাংশ উদণ্ড লোকৰ (Two minor boys forced to drink urine in UP Siddharthnagar)।

জানিব পৰা মতে, চুৰিৰ সন্দেহত দুই কিশোৰক একাংশ লোকে গনপ্ৰহাৰ কৰাৰ লগতে প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰায় কিন্তু ইয়াতে ক্ষান্ত নাথাকে একাংশ উদণ্ড লোকে ইয়াৰ পাছতে গুপ্তাংগত জলকীয়াৰ গুৰী সানি দিয়ে।তাৰ পিছত দুই কিশোৰক বলপূৰ্বকভাৱে বেজী দিয়ে মানৱ ৰূপী দানৱে(Two minor boys forced to drink urine) ।

খবৰ অনুসৰি , দুই কিশোৰক কিহৰ বেজী দিয়া হৈছিল এতিয়ালৈকে জানিব পৰা হোৱা । এই সমগ্ৰ ঘটনা এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত(2 Minors Forced To Drink Urine) ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি একাংশ যুৱকে তেওঁলোকক এই কাম কৰিবলৈ বাধ্য কৰায়। লগতে কিশোৰ দুজনক প্ৰস্ৰাৱ পি খাবলৈ দিয়ে আৰু প্ৰহাৰ কৰাৰ ভাবুকি দিয়ে।লগতে ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি কিশোৰ দুটা মাটিত পৰি আছে। আৰু তেওঁলোকৰ হাত বন্ধা আছিলে।কিশোৰ দুজনৰ পেন্টটো খুলা আছে আৰু গুপ্তাংগত একাংশই উদণ্ড লোকে জলকীয়া লগাই দি আছে। যন্ত্ৰনাত কিশোৰ দুটাই চিঞৰা দেখা যায় ভিডিঅ’টোত। জানিব পৰা মতে কিশোৰ দুজনৰ বয়স ১০ আৰু ১৫ বছৰ বুলি জানিব পৰা গৈছে( tortured in UP Siddharthnagar over suspicion of stealing 2000) ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো ৪ আগষ্টৰ বুলি জানিব পৰা গৈছে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । তদন্তত আৰক্ষীয়ে বৰ্তনমানলৈকে ৬ জনলোকক আটক কৰিছে লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Deadbody recovered in Guwahati : মহানগৰীৰ দুটা স্থানত একেদিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ