Local, Vocal, Global

Two men killed by colleague in Nagaon:বেলনা মাৰীৰে কোবাই হত্যা সহকৰ্মীক

নিউজ ডেস্ক,১৭নৱেম্বৰ : বেলনা মাৰীৰে কোবাই হত্যা দুজনক৷ সহকৰ্মীয়ে নৃশংসভাৱে হত্যা কৰিলে সহকৰ্মীক।কৰ্মৰত অৱস্হাত এজন কৰ্মচাৰীয়ে কোবাই হত্যা কৰে সহকৰ্মী দুই কৰ্মচাৰীক ৷

এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে নগাঁৱত। নগাঁও ২নং মোলাপট্টিত এটা বেকাৰীত নিশা সংঘটিত হয় ভয়ংকৰ ঘটনাটো৷

জানিব পৰা মতে, চহৰখনৰ মোল্লাপট্টিত এটা বোকাৰীত তিনি কৰ্মচাৰী ক্ৰমে উত্তম দাস ,অভিজিৎ সাহা আৰু ইন্দ্ৰজিৎ পালৰ মাজত নিশা সংঘাত লাগে। ইন্দ্ৰজিৎ পালে উত্তম আৰু অভিজিতক মৰিয়াই মৰিয়াই হত্যা কৰে ৷অভিজিৎ সাহাৰ ঘৰ ৰূপহীৰ গড়াজানত। প্ৰায় এবছৰ আগত কামত যোগদান কৰিছিল অভিজিতে।আনফালে উত্তম দাসৰ ঘৰ নগাঁৱৰ চাপানালাত। প্ৰায় ১৫ বছৰ ধৰি গৌৰী বেকাৰীত উত্তমে কাম কৰি আছে উত্তমে(Two men killed by colleague in Nagaon)।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, বেকাৰীটোত ব্যৱহাৰ হোৱা বেলনা মাৰীয়ে ইন্দ্ৰজিতে উত্তম আৰু অভিজিতক মৰিয়াই মৰা বুলি আৰক্ষীৰ আগত প্ৰাৰম্ভিক পৰ্যায়ত স্বীকাৰোক্তি দিছে ৷ আৰক্ষীৰ মতে হত্যাত অভিযুক্ত ইন্দ্ৰজিতে দুই মৃতদেহৰ কাষত পুৱালৈকে বহি আছিল ৷ কোঠাৰ ভিতৰত মৃতদেহৰ কাষত বহি থকা অৱস্থাত পুৱা আৰক্ষীয়ে ইন্দ্ৰজিৎ পালক গ্ৰেপ্তাৰ কৰি আনে ৷

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :Golaghat News: পৰিত্যক্ত কুঁৱাত পৰি বন্যহস্তীৰ আৰ্তনাদ