Local, Vocal, Global

Two men goes Missing :ডিমৌ নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন লোক দুজন

নিউজ ডেস্ক,১২অক্টোবৰ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছে সন্ধানহীনৰ ঘটনা ।ধেমাজিৰ চিলাপথাৰৰ পৰা সন্ধানহীন দুজনকৈ লোক(Two men goes Missing)।

জানিব পৰা মতে, ডিমৌ নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন লোক দুজন । সন্ধানহীন লোক দুজন মহেন্দ্ৰ পাংগিং, প্ৰফুল্ল য়েইন বুলি জানিব পৰা গৈছে।

৮ অক্টোবৰৰ পৰা নিখোজ হৈ আছে লোক দুজন । সন্ধানহীন লোক দুজনক পৰিয়ালৰ লোকে বিচাৰি আছে যদিও বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই লোক দুজনৰ ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ডিমৌ আৰক্ষী চকী আৰু লিকাবলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক :Man Elephant Conflict : গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ;আহত শিশু