Local, Vocal, Global

Two Men from Assam Set Out on Foot for Ayodhya : অসমীয়াৰ স্বাভিমান গামোচাত ‘জয় আই অসম’ লিখি অযোধ্যালৈ পদযাত্ৰা ২ মিচিং যুৱকৰ

নিউজ ডেস্ক,২২অক্টোবৰ : অসমৰ পৰা অযোধ্যালৈ পদযাত্ৰা অসমৰ দুই যুৱকৰ। অসমৰ দুই মিচিং সম্প্ৰদায়ৰ যুৱকে অযোধ্যালৈ পদযাত্ৰা আৰম্ভ কৰিছে।

যোৱা ২০ অক্টোবৰৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে অসমৰ দুই মিচিং সম্প্ৰদায়ৰ যুৱক ছাজন দলে আৰু দেৱেন টাইডে।অসমীয়া স্বাভিমান গামোচাত ‘জয় আই অসম’ লিখি পদযাত্ৰা আৰম্ভ দেৱেন টাইট আৰু চাহজান দলেৰ(Two Men from Assam Set Out on Foot for Ayodhya)।

অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে অসমৰ এই দুই যুৱকে ৰাম মন্দিৰটো দৰ্শনৰ বাবে মন মেলিছিল।কিন্তু অযোধ্যালৈ যাবলৈ হাতত যিহেতু পৰ্যাপ্ত অৰ্থ নাই সেয়ে দুই যুৱকে খোজকাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছিল। দুয়োৱে নিজৰ পৰিকল্পনা অনুসৰি দেওবাৰৰ পৰা আৰম্ভ কৰিলে নিজৰ ঐতিহাসিক যাত্ৰা। প্ৰায় ১২০০ কিলোমিটাৰ নিলগৰ অযোধ্যাৰ ৰাম মন্দিৰলৈ বুলি দুয়োৱে গুৱাহাটীৰ দিশপুৰৰ পৰা আৰম্ভ কৰিলে নিজৰ যাত্ৰা।

লগতে পঢ়ক :Theft in Dhing : ধিঙৰ বিদ্যালয়ত চুৰি কাণ্ড; চোৰে লুটি নিলে প্ৰায় ৫০-৬০ হাজাৰ টকাৰ সা-সামগ্ৰী