মাছ বিক্ৰেতাৰ ছদ্মবেশত ড্ৰাগছ বিক্ৰী কৰা দুজন লোকক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৪ জুন : গুৱাহাটীৰ বেলতলা অঞ্চলৰ পৰা মাছ বিক্ৰেতাৰ ছদ্মবেশত ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা ব্ৰাউন চুগাৰ বুলি সন্দেহ কৰা ড্ৰাগছ ভৰ্তি ৯টা পাত্ৰও জব্দ কৰিছে।
আৰক্ষীয়ে জনাইছে যে, দুয়োজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি মাছ বিক্ৰেতাৰ ছদ্মবেশত ফুটপাথত ড্ৰাগছ বিক্ৰী কৰি আহিছিল।
গ্ৰেপ্তাৰ হোৱা ব্যক্তিদুজনক ৰাতুল আলী আৰু আতিকুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে আৰু দুয়োজন নলবাৰীৰ বাসিন্দা।
আৰক্ষীয়ে ব্ৰাউন চুগাৰ বুলি সন্দেহ কৰা ড্ৰাগছভৰ্তি নটা পাত্ৰও জব্দ কৰিছিল।
সম্প্ৰতি, আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে।