Job Scam: ৰাজ্যত চাকৰিৰ বজাৰ ! চাকৰিৰ বজাৰ মেলিছে দিব্যাংগ মঞ্চ অসমৰ নেতাই

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী : এটা চক্ৰই চৰকাৰী চাকৰিৰ নামত ৰাজ্যত চলাইছে ৰমৰমীয়া বেহা। ৰাজ্য়ত যেন চলিছে চাকৰিৰ বজাৰ। একাংশৰ মতে যেন, এনে বজাৰত পইচা দি চৰকাৰী চাকৰি লওক। দুই লাখ টকাৰ পৰা চাৰে চাৰি লাখ টকা পৰ্যন্ত উঠিছে একোটা পদৰ দৰ-দাম বজাৰত(Job Scam)।
ইফালে ৰাজ্যত আৰক্ষীয়ে দুষ্ট চক্ৰৰ বিৰুদ্ধে চলাই আছে অভিযান। অভিযান আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বহু প্ৰৱঞ্চকক। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই প্ৰৱঞ্চকক। দুই প্ৰৱঞ্চক হৈছে দিব্যাংগ মঞ্চ অসমৰ নেতা।
অভিযোগ অনুসৰি দিব্যাংগ মঞ্চ অসমৰ নেতা দুগৰাকীয়ে দিব্যাংগ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদত নিযুক্তি দিয়াৰ নামত লৈছিল ধন।দিব্যাংগ মঞ্চ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে চাকৰি প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা বুলিও উঠিছে ভয়ংকৰ অভিযোগ(Two members of Divyang Manch Assam arrested for alleged job scam)।
ইতিমধ্যে, আৰক্ষীৰ জালত পৰিছে দিব্যাংগ মঞ্চ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মন।গুৱাহাটীৰ বৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত ছেমিম আৰু নৱজিতক। প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰি বিলাসী বাহন ক্ৰয় কৰাৰ অভিযোগ উত্থাপিত হৈছে।
দুয়োজন নেতাই চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছিল বুলি এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। দুয়োজনে প্ৰতিজন প্ৰাৰ্থীৰ পৰা লৈছিল ২-৪ লাখ টকা।
সামাজিক মাধ্যমত ভাইৰেল হৈছে ফোন কলৰ অডিঅ’ । অডিঅ’ ভাইৰেল পিছতে দিব্যাংগ মঞ্চ, অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰো দাখিল কৰিছে দিব্যাংগ সমাজে। সামাজিক মাধ্যমত ভাইৰেল হোৱা ফোন কল শুনিলে গম পোৱা যায় কেনেকৈ দিব্যাংগ প্রার্থীক চাকৰি দিয়াৰ আশ্বাস দি দালালৰূপী নেতাই একোটা পদৰ বিপৰীতে বিচাৰিছিল চাৰে চাৰি লাখ টকালৈকে ধন।
লগতে পঢ়ক:Road accident:চাৰিখন বাহনৰ মুখামুখি সংঘৰ্ষ;আহত ৪জন