Local, Vocal, Global

Two killed in police firing at eviction site : সোণাপুৰত আৰক্ষীৰ গুলীত মৃত্যু ২ বেদখলকাৰীৰ

নিউজ ডেস্ক,১২ছেপ্তেম্বৰ : সোণাপুৰৰ কচুতলীত তীব্ৰ উত্তেজনা। আৰক্ষীক আক্ৰমণ একাংশ উচ্ছেদিতৰ। লাঠি-জোং লৈ আক্ৰমণ আৰক্ষীক, ভাঙিলে আৰক্ষীৰ বাহন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ(Two killed in police firing at eviction site in Sonapur)।

আৰক্ষীৰ গুলীত মৃত্যু দুই বেদখলকাৰীৰ। সোণাপুৰ জিলা চিকিৎসালয়ত মৃত্যু হয় দুই বেদখলকাৰীৰ। মৃত্যু হোৱা লোক দুজন হাইদৰ আলী আৰু জুৱাহিদ আলী বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, আজি প্ৰশাসনে কচুতলীত চলাইছিল উচ্ছেদ অভিযান। সেই সময়তে আৰক্ষী আৰু অবৈধ দখলকাৰীৰ মাজত হৈছিল সংঘাত। আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল একাংশ বেদখলকাৰীয়ে। হাতে হাতে দা-যাঁঠি লৈ ওলাই আহিছিল বেদখলকাৰী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত দুজন বেদখলকাৰী আহত হয় আৰু হাস্পতালত তেওঁলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দণ্ডাধীশসহ ৭গৰাকী আৰক্ষীৰ লোক আহতো হোৱা বুলি জানিব পৰা গৈছে(Two killed in police firing at eviction site)।

লগতে পঢ়ক :Massive fire breaks out in Jorhat Medical College : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড