Local, Vocal, Global

Two including teacher detained for Alleged ULFA-I Ties : সোণাৰিত আলফা(স্বাঃ)ৰ লিংকমেনৰ সন্দেহত শিক্ষকসহ দুজনক আটক

সোণাৰি,২৭নৱেম্বৰ : সোণাৰিত আলফা(স্বাঃ)ৰ লিংকমেনৰ সন্দেহত শিক্ষকসহ দুজনক আটক(Two including teacher detained for Alleged ULFA-I Ties)।

দীৰ্ঘদিনৰ নিৰৱতাৰ অন্তত পুনৰ সক্ৰিয় হৈ উঠা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম (আলফা) স্বাধীনৰ বিৰুদ্ধে চৰাইদেউ জিলা আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। বিগত কেইদিনত সংগঠনটোৰ সৈতে পৰোক্ষ সম্পৰ্ক ৰক্ষা কৰি থকা কেইবাজনো ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। যোৱা নিশা উগ্ৰপন্থী সংগঠনটোৰ সৈতে জড়িত থকাৰ অভিযোগত সোণাৰি আৰক্ষীয়ে এজন শিক্ষক সহ দুজনক আটক কৰে(Teacher and Local Resident detained for Alleged ULFA-I Ties in Charaideo)।

আটকাধীন শিক্ষকজন সাপেখাতী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জিতু গগৈ। মিঠু বৰুৱা নামৰ এজনকো আটক। দুয়োৰে ঘৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত হাওঁফাওঁ গাওঁত। সোণাৰি আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে ৰুজু হোৱা Case no 124/24 u/s113(2)(b)/113(3)/113(4)/147 148/149 BNS,R/W Sec 10/13/16(1)(b)/17/18A/18B/20/39/40 UA(p) Actৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক:Two arrested for killing elephant in Goalpara :গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ জালত ২ চোৰাং চিকাৰী