Local, Vocal, Global

Pilatus Trainer Aircraft Crash : বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত; মৃত্যু দুজন পাইলটৰ

নেশ্যনেল ডেস্ক, ৪ ডিচেম্বৰ : তেলেংগানাত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। সোমবাৰে পুৱা তেলেংগানাৰ মেদক জিলাত ভাৰতীয় বায়ু সেনাৰ (আইএএফ) প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাৰ ফলত দুজন পাইলটৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে(Pilatus Trainer Aircraft Crash)।

আই এ এফে নিশ্চিত কৰা অনুসৰি, দুৰ্ঘটনাটোৰ ফলত হায়দৰাবাদত পিলাটাছৰ প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ভাৰতীয় বায়ুসেনাৰ দুজন পাইলটে প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই(Two IAF pilots killed in Pilatus trainer aircraft crash in Hyderabad)।

ভাৰতীয় বায়ুসেনাই নিশ্চিত কৰা অনুসৰি, সোমবাৰে পুৱা তেওঁলোকৰ পিলাটাছ পিচি ৭ এমকে II বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে দুজন আই এ এফৰ পাইলট, এজন প্ৰশিক্ষক আৰু এজন কেডেটৰ মৃত্যু হয়(Two IAF pilots killed in Pilatus trainer aircraft crash in Hyderabad)।

জানিব পৰা মতে, এই দুৰ্ঘটনাটোৰ দুজন পাইলটৰ মৃত্যু হৈছে কিন্তু কোনো আন ক্ষয় ক্ষতি হোৱা নাই। বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত বায়ুসেনাই আৰু অধিক অনুসন্ধান আৰম্ভ কৰিছে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও হায়দৰাবাদৰ সমীপত সংঘটিত হোৱা পিলাটাছ বিমান দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰে। এক্সত এক পোষ্টৰ জড়িয়তে তেওঁ লিখে, “হায়দৰাবাদত বিমান দুৰ্ঘটনা সংঘটিত হৈ দুজন পাইলটে প্ৰাণ হেৰুৱাটো অতি দুখৰ খবৰ । এই কৰুণ ঘটনাত মৃত্যু হোৱা দুই পাইলতৰ শোকসন্তপ্ত পৰিয়ালবোৰ লগত আমি আছো(Two pilots killed in an Indian Air Force trainer aircraft crash in Telangana’s Medak) ।”

ভাৰতীয় বায়ুসেনাই জনোৱা মতে, বিমান দুৰ্ঘটনাৰ তদন্ত আদালত আৰম্ভ কৰা হ’ব। আই এ এফৰ পাইলট দুজনে তেলেংগানাৰ হায়দৰাবাদৰ বায়ুসেনা একাডেমীৰ পৰা ৰুটিন ট্ৰেইনিং ছৰ্টী সম্পূৰ্ণ কৰি আছিল।আই এ এফৰ বিমান দুৰ্ঘটনাস্থলীৰ দৃশ্যত দেখা গৈছে যে খালী ভূমিত পিলাটাছ পি চি ৭ এম কে আই বিমানখন জ্বলি উঠিছে, য’ত মানুহে পাইলটৰ মৃতদেহ উলিয়াই আনিবলৈ চেষ্টা কৰিছে।

বৰ্তমানলৈকে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষই ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিছে।দুৰ্ঘটনাৰ সময়ত বিমানখনত এজন প্ৰশিক্ষক আৰু এগৰাকী প্ৰশিক্ষাৰ্থী আছিল। বিমানখন হায়দৰাবাদৰ ওচৰৰ ডুণ্ডিগালৰ বায়ু সেনা একাডেমীৰ (এএফএ) পৰা উৰা মাৰিছিল। তাৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন(IAF Trainer Aircraft Crashes in Medak District, Both Pilots Dead)।

লগতে পঢ়ক : Assault On Manipuri Woman In Delhi : পুনৰ ভাইৰেল মেইটেই সম্প্ৰদায় লোকক আক্ৰমণ কৰা আন এক ভিডিঅ’ !