Local, Vocal, Global

ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাৰখাৰ হ’ল দুটাকৈ গৃহৰ লগতে নগদ ২লাখ ৮০ হাজাৰ টকা

নিউজ ডেস্ক,১৪ মাৰ্চঃ সোমবাৰে বিহালীৰ জিনজিয়াত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। উত্তৰ জিনজিয়াৰ ২নং গৰৈমাৰীৰ পল্টন বচাক নামৰ লোকজনৰ ঘৰত পুৱা ৯.৩০ বজাত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ বুলি জানিব পৰা গৈছে। জুইৰ লেলিহান শিখাই ঘৰটো আগুৰি ধৰে আৰু পলকতে সমগ্ৰ বাসগৃহ, গোহালি ইত্যাদি জ্বলি ভষ্মীভূত হোৱাৰ লগতে নগদ ধন ২ লাখ ৮০ হাজাৰ জ্বলি ছাৰখাৰ হয়।
ইয়োৰোপৰি প্ৰায় ১০ লক্ষাধিক টকাৰ সম্পত্তি ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতে জিনজিয়া আৰক্ষীয়ে ততালিকে অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ঘৰটো জ্বলি ছাৰখাৰ হয়।

উল্লেখ্য যে, স্থানীয় লোকসকলে পল্টন বচাকৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কিছু সাহাৰ্য আগবঢ়াবলৈ স্থানীয় বিধায়ক ৰঞ্জিত দত্তক আহ্বান জনায়।