Local, Vocal, Global

Watch | Two friends died while bathing in Kalain Sindura river: কাছাৰৰ কালাইন সিন্দুৰাত গা ধুবলৈ গৈ দুই বন্ধুৰ কৰুণ মৃত্যু

কাটিগড়া: কাছাৰৰ কালাইন সিন্দুৰাত গা ধুবলৈ গৈ দুই বন্ধুৰ কৰুণ মৃত্যু।দেওবাৰ দিনৰ ৩ বজাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, বদৰপুৰ আৰু ভংগা অঞ্চলৰ পৰা মুঠ ৭ জন বন্ধুৱে কাছাৰ’ৰ কালাইন নদীৰ শিল কুৱেৰীত গা ধুবলৈ আহিছিল।

বদৰপুৰ এফ চি আই গুদাম এলেকাৰ এজন ২৪ বছৰীয়া যুৱকে গা ধুই থকা অৱস্থাত নদীৰ পানীত ডুব যায়। তাক বচাবলৈ বন্ধু শবিক চৰকাৰ নদীত জপিয়াই পৰে, কিন্তু শবিক জপিয়াই দিয়াৰ লগে লগে নদীত তেওঁ ডুবি যায়। যদিও বাকী পাঁচজন বন্ধুৱে বিশালৰ মৃত দেহ উদ্ধাৰ কৰিছিল,কিন্ত শেষ চেষ্টা সত্ত্বেও তেওঁৰ বন্ধুসকলে শাবিকক উদ্ধাৰ কৰিব পৰা নাই।

এই ঘটনাৰ পিছত খবৰ দিয়া হৈ আৰক্ষীক,খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী লগতে এছডিআৰএফ বাহিনী।বহু চেষ্টাৰ পিছতো শাবিকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই। বর্তমানে লৈকে এছডিআৰএফ বাহিনীৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Watch | Man arrested with Manipuri ganja in Balikatia, Dumdumia: ডুমডুমীয়াৰ বলিকটীয়াত মণিপুৰী গাঞ্জাসহ এজনক আটক