Local, Vocal, Global

মুকালমুৱাত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ২৪ জুলাই : নিশা মুকালমুৱাত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কাপলাবড়ী আৰু মুকালমুৱাত সংঘটিত হয় দুটা পথ দুৰ্ঘটনা । দুয়োটা পথ দুৰ্ঘটনাত আহত হয় চাৰি জন লোক ।

মুকালমুৱাত এখন তীব্ৰ বেগী বাইকে দুজন পথচাৰীক মহতিয়াই নিয়ে। পথ দুৰ্ঘটনাত বাইক আৰোহীৰ সৈতে মুঠ তিনিজনকৈ লোক আহত হয়।

ইফালে কাপলাবড়ীত এখন চাৰিচকীয়া বাহনৰ খুন্দাত এজন কিশোৰ আহত হয়। দুয়োটা পথ দুৰ্ঘটনাত আহত লোক কেইজন ক্ৰমে আইনুল হক চৌধুৰী, ফুকন আলী, ছহিদুল ইছলাম আৰু খাইৰুল হ’ক।

আহত আটাইকেইজনকে মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও ইয়াৰে আইনুল হক চৌধুৰী আৰু ছহিদুল ইছলামক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনা দুটাত পতিত চাৰিচকীয়া বাহন খনৰ নম্বৰ AS 25 CC 9435 আৰু বাইক খনৰ নম্বৰ AS 14 K 1507 বুলি জানিব পৰা গৈছে।