Local, Vocal, Global

Two Elephants Electrocuted To Death : কাৰ্বি আংলং জিলাত দুটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক,৯ ডিচেম্বৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে(Two Elephants Electrocuted To Death)।

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে (Wild Elephanat death)। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ দুটা বন্যহস্তীৰ মৃত্যু(Two Elephants Electrocuted To Death In Karbi Anglong) ।

কাৰ্বি আংলং জিলাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৈ ওলাই আহিছিল হাতী দুটাই । শনিবাৰে সংঘটিত হয় এই ঘটনাটো । শনিবাৰে পুৱা কাৰ্বি আংলং জিলাত বিদ্যুৎস্পৃষ্ট হৈ দুটা প্ৰাপ্তবয়স্ক হাতীৰ মৃত্যু হয়(Two Tuskers Electrocuted; Alleged Negligence Leads To Calf’s Death)।

জানিব পৰা মতে, কাৰ্বি আংলং জিলাৰ পূব ডিগাৰু অঞ্চলৰ জংঘল এলেকাত হাই ভল্টেজৰ তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যু হয় বন্যহস্তীৰ দুটাৰ । বন্যহস্তীৰ দুটাৰ মৃত্যুৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে ।

উল্লেখযোগ্য যে স্থানীয় লোক আৰু প্ৰকৃতিপ্ৰেমীসকলে বন্যহস্তী দুটাক ফুলাম গামোছাৰে শ্ৰদ্ধাঞ্জলি জনাই।

লগতে পঢ়ক :Road Accident in Titabor : ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত স্বামী,গুৰুতৰভাৱে আহত পত্নী