Local, Vocal, Global

Two drugs peddler arrested in Hatigaon :গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত হেৰ’ইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,২৯জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ।

আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান।

এইবাৰ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱস্থিত শেৱালি পথ আৰু সুৰয পথত এছ টি এফৰ অভিযান ।এছ টি এফৰ অভিযানত দুজনকৈ লোকক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা এছ টি এফে এটা চাধা টেমাৰ পৰা সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে(Two drugs peddler arrested in Hatigaon)।

জব্দ কৰা হেৰ’ইনখিনিৰ পৰিমাণ ১৭.৩ গ্ৰাম। ইয়াৰোপৰি জব্দ কৰা হয় চিগাৰেটৰ পেপাৰ, বিভিন্ন ৰঙী ৰেপিং ৰবৰ, এটা মোবাইল ফোন।

অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে আলিপুৰদুৱাৰৰ লিটনজিত দাস আৰু ডিমাপুৰৰ ছানী আচাৰ্যী বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Massive fire breaks out in Dalgaon : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়ী প্ৰতিষ্ঠান