Drugs Peddlers Arrested in Jorhat : যোৰহাটত বুজন পৰিমাণ ড্ৰাগছসহ আটৰ সৰবৰাহকাৰী
নিউজ ডেস্ক,১২মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ সোমবাৰে ৰাজ্যৰ দুঠাইৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী(Drugs Peddlers Arrested in Jorhat) ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় ।বিশেষকৈ যোৰহাটৰ উপকন্ঠৰ গ্ৰাম্যাঞ্চলসমূহতো বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন। একাংশ লোকে পেচাদাৰী ৰূপত কম পৰিমাণৰ ড্ৰাগছ নিৰ্দিষ্ট গ্ৰাহকসকলক বিক্ৰী কৰি আহিছে । যোৰহাট আৰক্ষীয়ে এনে ড্ৰাগছ বিক্ৰী কৰা লোকৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে যদিও যোৰহাটলৈ অধিক মাত্ৰাত ড্ৰাগছ আনি এই খুচুৰা ব্যৱসায়ীসকলক যোগান ধৰা লোকসকলৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।
যোৰহাট চহৰৰ ঢাকাইপট্টিত সদৰ থানাৰ আৰক্ষীয়ে শনিবাৰে বিয়লি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। অভিযানত জব্দ কৰে সন্দেহযুক্ত ব্ৰাউন চুগাৰ আৰু তিনিজন লোকক কৰায়ত্ত কৰে।
ঢাকাইপট্টিৰ ফাৰুক আলি নামৰ যুৱকজনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি ।বাসগৃহটোৰ পৰা প্ৰায় ১১.৪৯ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে ।
ইফালে আৰক্ষীয়ে কৰায়ত্ত কৰা লোককেইজন ফাৰুকৰ লগত ভাইটি আলি আৰু কালিম কুচিয়া বুলি জানিব পৰা গৈছে । উল্লেখ্য ইয়াৰ পূৰ্বেও যোৰহাট নগৰৰ এই অঞ্চলটোৰ পৰা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছিল । ধৃত লোককেইজনৰ সৈতে আন একাংশ লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : Heroin seized in Tripura : ত্ৰিপুৰাত জব্দ ১.২০কোটি টকাৰ নিচাজাতীয় সামগ্ৰী