Local, Vocal, Global

Two Died in wild elephant Attack : গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত মৃত্যু দুজনৰ

নিউজ ডেস্ক ১জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Two Died in wild elephant Attack)।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।

গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত মৃত্যু দুজনৰ । নিশা অহা মুষলধাৰ বৰষুণৰ মাজতে পাহাৰৰ পৰা নামি আহে এটা বন্যহস্তীৰ জাক। নামি অহা বন্যহস্তীৰ জাকটোৱে ভাঙি পেলায় ঘৰ । শুই থকা অৱস্থাতে হাতীয়ে আক্ৰমণ কৰে দুজন লোকক। বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা লোক দুজন ইলাৱতী ৰাভা আৰু গুঞ্জ ৰাভা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Road Accident in Sadiya : যাত্ৰীবাহী বাছ বাগৰি পৰিল দ’ খাৱৈত