Local, Vocal, Global

Two Devastating Fires Broke out in Tinsukia : তিনিচুকীয়াত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড; ভষ্মীভূত বাসগৃহ

নিউজ ডেস্ক, ১৫ফেব্ৰুৱাৰী : দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মিভূত দুটাকৈ ভাড়াঘৰ ।বুধবাৰে তিনিচুকীয়াত জিলাত সংঘটিত হৈছে দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড ৷

জানিব পৰা মতে, প্ৰথমটো অগ্নিকাণ্ড দিনৰ ভাগতেই তিনিচুকীয়াৰ বৰদলৈ নগৰত সংঘটিত হয় আৰু আনটো সংঘটিত হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ খেলপথাৰৰ সমীপৰৰ এটা ভাড়াঘৰত(Two Devastating Fires Broke out in Tinsukia)।

জানিব পৰা মতে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ খেলপথাৰৰ সমীপৰৰ এটা ভাড়াঘৰটোৰ গৃহস্থই পুৱাৰ ভাগতেই নিজ কৰ্মৰ বাবে গন্তব্যস্থানলৈ যায় আৰু তাৰ পিছতেই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰণ ঘটে ।

এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে জুই প্ৰত্যক্ষ কৰে আৰু ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিন্তু অগ্নিনিৰ্বাপকক বাহিনীৰ গাড়ী সময়মতে উপস্থিত নোহোৱাত স্থানীয় লোকসকলে নিজা প্ৰচেষ্টাৰে অগ্নিনিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে অগ্নিকাণ্ডৰ ফলত জুইত সম্পূৰ্ণৰূপে জাহ যায় যাৱতীয় নথি-পত্ৰ আৰু বহু লক্ষাধিক টকাৰ সা-সম্পত্তি । স্থানীয় লোকসকলে অগ্নি নিৰ্বাপিত কৰাৰ বহু সময়ৰ পিছতহে অগ্নিনিৰ্বাপকক বাহিনী ঘটনাস্থলীত উপস্থিত হয় ।

আনহাতে, পুনৰ আন এটা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুধবাৰে নিশা প্ৰায় ৮ বজাত। এই অগ্নিকাণ্ডটো সংঘটিত হয় তিনিচুকীয়াৰ তিনিকোণীয়া IOC ৰে’ল গেটৰ সমীপৰ বাসগৃহত।এই অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে নিমিষতে জুই বিয়পি পৰে আন বাসগৃহলৈ(Massive fire breaks out in Tinsukia) ৷

এই অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনী বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু ঘণ্টাজোৰা চেষ্টা চলোৱাৰ পাছত অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

কিন্তু অগ্নিকাণ্ডৰ ফলত নৱনীতা আগৰৱাল আৰু বিনয় বাৱাৰ বাসগৃহ সম্পূৰ্ণৰূপত জুইত যাহ যোৱাৰ লগতে পৱন জৈন নামৰ লোকজনৰ বাসগৃহটোৰো ক্ষতিসাধন হয় । অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল অথবা কিমান টকাৰ সা-সম্পতি নষ্ট এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : Two School Students Missing Amid Saraswati Puja Festivities : সৰস্বতী পূজাৰ উলাহৰ মাজতেই মহানগৰীৰ পৰা সন্ধানহীন দুগৰাকীকৈ ছাত্ৰী