Two dead bodies recovered in Boko : একেই দিনাই বকোত উদ্ধাৰ দুটাকৈ মৃতদেহ
নিউজ ডেস্ক,২৪জুন : একেই দিনাই বকোত উদ্ধাৰ দুটাকৈ মৃতদেহ । পৃথক পৃথক স্থানত উদ্ধাৰ মৃতদেহ দুটা ।
ঘটনা অনুসৰি, শনিবাৰে বকোৰ হাহিমৰ সমীপৰ মেঘালয় আৰেডঙাত সমনীয়াৰ সৈতে ফুৰিবলৈ গৈছিল এজন যুৱক । তাৰ পিছৰে পৰ সন্ধানহীন হৈ পৰে যুৱকজন । কামৰূপ জিলাৰ ছয়গাঁৱৰ মিলনপুৰ গাঁৱৰ ৫ জন যুৱকে বকোৰ সমীপৱৰ্তী মেঘালয়ৰ আৰেডঙাৰ এটা নদীত গা ধুবলৈ গৈছিল যুৱককেইজন । নদীত গা ধুবলৈ যোৱাৰ পিছতে ধ্ৰুৱজ্যোতি কলিতা (২১) নামৰ যুৱকজন পানীত পিচলি পৰে আৰু সন্ধানহীন হৈ পৰে ।
লগে লগে স্থানীয় ৰাইজ তথা মেঘালয় আৰক্ষীয়ে সন্ধানত নামি পৰে যদিও দেওবাৰৰ পুৱাই মেঘালয়ৰ ‘চাৰ্ছ এণ্ড ৰেচকিউ’ দলে ধ্ৰুৱজ্যোতি কলিতাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
মেঘালয় আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পশ্চিম খাচি পাহাৰ জিলাৰ নংষ্টিইনলৈ প্ৰেৰণ কৰে(Two dead bodies recovered in Boko) ।
আনহাতে, বকোৰ পাঠশালাকোঠত স্থানীয় ৰাইজ আৰু বকো আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় আন এটা মৃতদেহ । বকো নৈত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু তাৎক্ষণিকভাবে বকো আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা মৃতদেহটো বকো ডাকুৱাপাৰাৰ দেৱকান্ত ৰাভা (৫০) বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, শনিবাৰে বকো সাপ্তাহিক বজাৰলৈ যোৱাৰ পৰাই দেৱকান্ত ৰাভা সন্ধানহীন হৈ আছিল বুলি পৰিয়ালৰ লোকে জনায় । বকো নৈ পাৰ হৈ বজাৰলৈ যোৱাৰ সময়ত উটি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে বকো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ।