Two dacoits held after hijacking buffalo truck :জুৰীয়াত তেজপুৰ আৰক্ষীৰ অভিযান; অভিযানত আটক ম’হভৰ্তি ট্ৰাক হাইজেক কৰা ডকাইতৰ দল
নিউজ ডেস্ক,২০জুন : জুৰীয়াত তেজপুৰ আৰক্ষীৰ অভিযান। অভিযানত আটক দুই কুখ্যাত ডকাইত।
জানিব পৰা মতে, তেজপুৰৰ বৰঘাট আৰক্ষীয়ে নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই । অভিযানত হাইজেক হোৱা ট্ৰাকসহ আটক দুই ডকাইত । আটকাধীন ডকাইকেইটা ক্ৰমে ছাইফুল ইছলাম আৰু মহাছিন ৰহমান বুলি চিনাক্ত।
উল্লেখ্য যে, ১৬ জুনৰ পুৱতি নিশা তেজপুৰ বৰঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ৭/৮ জনীয়া এটা ডকাইতৰ দলে ১৯ টা ম’হ ভৰ্তি ট্ৰাক ৰখাই মহৰ মালিকক ট্ৰাকৰ পৰা নমাই হাত ভৰি বান্ধি পথত পেলাই থৈ ১৯ টা ম’হ সহ ট্ৰাকখন হাইজেক কৰি জুৰীয়া লৈ যায়(Two dacoits held after hijacking buffalo truck)।
পিছত মহৰ মালিকে উক্ত ডকাইতি কাণ্ডৰ সন্দৰ্ভত তেজপুৰ বৰঘাট পহৰা চকীত এটা গোচৰ দিয়ে। মহৰ মালিকৰ এজাহাৰৰ ভিত্তিত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অভিযান আৰম্ভ কৰে।আৰক্ষীৰ অভিযানত ডকাইতি ঘটনাৰ লগত জড়িত জুৰীয়াৰ দুটা ডকাইত আটক কৰাৰ লগতে তিনিটা ম’হ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : floods in assam : কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে চাপৰৰ চিকিৎসালয়